ETV Bharat / state

বৰপেটাৰ বহৰিত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Mar 20, 2020, 4:11 PM IST

Updated : Mar 20, 2020, 4:32 PM IST

বৰপেটাৰ বহৰিৰ কলতলীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে তাৰাবাৰী থানাৰ আৰক্ষীৰ অভিযান ৷ গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটা বহৰিৰ কলতলি গাঁৱৰ জাহিদুল মিঞা আৰু বাঘবৰৰ ৰামাপাৰাৰ মইনাল হক ৷

বৰপেটা
বৰপেটাৰ বহৰিত গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ী

বৰপেটা, ২০ মাৰ্চঃ বৰপেটাৰ বহৰিৰ কলতলীত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে তাৰাবাৰী থানাৰ আৰক্ষীৰ অভিযান ৷ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক ৷ ড্ৰাগছ ব্যৱসায়ী দুটা বহৰিৰ কলতলি গাৱৰ জাহিদুল মিঞা আৰু বাঘবৰৰ ৰামাপাৰাৰ মইনাল হক ৷

গ্ৰেপ্তাৰ হোৱা ব্য়ৱসায়ী দুজনৰ পৰা জব্দ ৫০টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ লগতে ১২ টা খালী কন্টেইনাৰো জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে, ব্যৱসায়ী দুজনৰ পৰা নগদ ৭২ হাজাৰ ৫শ টকাও জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা কলতলিৰ জাহিদুল মিঞাৰ ঘৰত চলাইছিল এই অভিযান ৷ বৰপেটাৰ সীমান্ত শাখাৰ ডিএছপি ভূবনেশ্বৰ ডেকা, আইপিএছ (পি) পংকজ যাদৱ আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ সম্প্ৰতি দুই ড্ৰাগছ ব্যৱসায়ীৰ সোধপোছ অব্যাহত আছে ৷ বৃহত্তৰ বহৰি অঞ্চলত সঘনাই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে ৰাইজক ৷

আৰু পঢ়কঃ ন্যায় পালে নিৰ্ভয়াই

Last Updated : Mar 20, 2020, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.