বৰপেটা, 17 জুলাই : অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে বৰ্তমানে অধিক তৎপৰ হৈ আছে বৰপেটা আৰক্ষী (Barpeta Police) ৷ বৰপেটা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই বহুকেইটা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে বৰপেটা আৰক্ষীয়ে ৷
শুকুবাৰেও ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল বৰপেটা আৰক্ষীয়ে ৷ জানিব পৰা মতে বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰু সৰ্থেবাৰী থানাৰ আৰক্ষীৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷ গোপন সূত্ৰ পম খেদি বৰঘোপাৰ পুতলাৰকুৰত এই ড্ৰাগছ অভিযান চলাইছিল আৰক্ষীয়ে ৷
এই অভিযান বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ এগৰাকী সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ আটক কৰা সৰবৰাহকাৰীজনৰ নাম হেমন্ত তালুকদাৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ হেমন্ত তালুকদাৰ ঘৰ নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত জোৱাৰ্দিত বুলি জানিব পৰা গৈছে ৷
ড্ৰাগছ সৰবৰাহৰ লগত জড়িত হেমন্ত তালুকদাৰৰ পৰা আৰক্ষীয়ে চাৰিটা ব্ৰাউন চুগাৰভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰাৰ লগতে এটা মোবাইল ফোন আৰু এখন স্কুটি জব্দ কৰে । জব্দ কৰা স্কুটিখনৰ নম্বৰ AS-01EK-3781 । বৰ্তমান মাজদিয়া আৰক্ষীয়ে হেমন্ত তালুকদাৰৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: মাইকী গৰু-ম'হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল'ব চৰকাৰে