বৰপেটাৰোড 18 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission) ৷ শেহতীয়াকৈ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজন যুৱকক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম বিশাল শীল বুলি জানিব পৰা গৈছে ৷
ড্ৰাগছসহ আটক কৰা বিশাল শীল বৰপেটাৰোডৰ বাবুপাৰাৰ শ্যামা পল্লীৰ বাসিন্দা ৷ বৰপেটাৰোড আৰক্ষীয়ে বৰপেটাৰোডৰ বাব্লু শীলৰ পুত্ৰ বিশাল শীলে দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যবসায় কৰি আহিছিল খবৰ লাভ কৰিছিল ৷ এই তথ্যৰ ভিত্তিতে সোমবাৰে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই বৰপেটাৰোডৰ অভাৰব্ৰীজৰ তলৰ পৰা ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় (Drug smuggler arrested by Barpeta Road police) ৷
ড্ৰাগছ ব্যৱসায়ী বিশাল শীলৰ পৰা 15 টা কন্টেইনাৰ ভৰ্তি সন্দেহজনক ড্ৰাগছ জব্দ কৰে (Drug seized in Barpeta Road) ৷ সম্প্ৰতি যুৱকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বৰপেটাৰোড আৰক্ষীয়ে পূৰ্বেও ড্ৰাগছসহ বহু যুৱকক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: Anti Drugs mission: ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক