বৰপেটা, ৪ নৱেম্বৰ : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী প্ৰবীণ স্বয়ংসেৱক তথা বৰপেটাৰ কৃতী শিক্ষক, সংজ্ঞীতজ্ঞ, অভিনেতা, সমাজ সেৱক সত্যকৃষ্ণ মিশ্ৰক বৃহস্পতিবাৰে ডাঃ হেডগেৱাৰ স্মাৰক সমিতিয়ে ৰাজহুৱাভাবে সম্বৰ্ধনা জনায় ৷ অসমত ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাৰ সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাম কাজৰ প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আগ ভাগ লৈছিল, তেওঁলোকৰ ভিতৰত সত্যকৃষ্ণ মিশ্ৰ আছিল অন্যতম ৷

তেওঁ বৰপেটা জিলাত প্ৰথম সংঘৰ কাম কাজ আৰম্ভ কৰি জিলাখনত সংঘৰ কামৰ বিস্তাৰ ঘটোৱাৰ লগতে জনসংঘ আৰু বিজেপি দলৰ সংগঠন বৃদ্ধিতো আত্মনিয়োগ কৰিছিল ৷ ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত বৰপেটা তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৯৬ বছৰীয়া স্বয়ংসেৱক সত্যকৃষ্ণ মিশ্ৰক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত তেওঁ পৃথিৱীত বহু সভ্যতাৰ মৃত্যু হৈছে, কিন্তু ইয়াৰ মাজতো ভাৰতীয় সভ্যতা আজিও বৰ্তি আছে বুলি মন্তব্য কৰে ৷
তেওঁ টকা পইচাই এটা সভ্যতা ধৰি ৰাখিব নোৱাৰে বুলি উল্লেখ কৰি সংস্কৃতি আৰু সাহিত্যই হে সভ্যতা স্থায়ী কৰে বুলি মন্তব্য কৰে ৷ ভাৰতবৰ্ষৰ প্ৰতিজন লোকে সনাতন হিন্দু সংস্কৃতি জীয়াই ৰখাৰ বাবে যত্নবান হ'ব লাগে বুলিও মন্তব্য কৰে তেওঁ ৷
সম্বৰ্ধনা সভাখনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘ চালক ডাঃ উমেশ চক্ৰৱৰ্ত্তী, ভূপেশ শৰ্মা, ডাঃ হেডগেৱাৰ স্মাৰক সমিতি, বৰপেটাৰ সম্পাদক জ্যোতিৰ্ময় শৰ্মা, প্ৰান্তীয় প্ৰচাৰক নৃপেন বৰ্মন, ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ বৰপেটা জিলা সভাপতি কামদেৱ দাস আৰু সত্যকৃষ্ণ মিশ্ৰৰ সহধৰ্মিণী তথা লেখিকা নিৰুপমা মিশ্ৰ উপস্থিত থাকে ৷
লগতে পঢ়ক : ন'বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ বোৱৰীৰ আত্মহত্য়া