বৰপেটা , ০৪ জুন: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু যৌতুকজনিত অপৰাধ । বৰপেটাৰ আমৃখোৱা গাঁৱত সংঘটিত তেনে এক যৌতুকজনিত অপৰাধৰ ঘটনাই সম্প্ৰতি পূৱ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
বৰপেটা জিলাৰ বনিয়াকুছি গাঁৱৰ এগৰাকী মহিলাই ছমাহ পূৰ্বে আমৃখোৱা গাঁৱৰ প্ৰণৱ ৰয়ৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু বিয়াৰ কেইদিনমান পিচৰ পৰাই মহিলা গৰাকীৰ স্বামী প্ৰণৱে যৌতুকৰ নামত পত্নীৰ ওপৰত অকথ্য শাৰীৰিক - মানসিক নিৰ্যাতন চলায় অহাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰণৱে পত্নীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ কথা পোহৰলৈ অহাৰ পিচতেই মহিলা গৰাকীৰ পিতৃ পৰিয়াল আৰক্ষীৰ কাষ চাপিছে । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি বোৱাৰী গৰাকীক ঘৰৰ ভিতৰতে নিৰ্যাতন চলায় থকাৰ অৱস্থাত তেওঁৰ ভনীয়েক তেওঁলোকৰ ঘৰত উপস্থিত হোৱাত নিৰ্যাতন চলায় থকাৰ কথা পোহৰলৈ আহে । ইয়াৰ পিচতে খুলশালীয়েকে বায়েকক মাৰধৰ কৰাৰ প্ৰতিবাদ কৰাত ভিনিহিয়েকে তেওঁকো মাৰধৰ কৰে । পৰৱৰ্তী সময়ত সৰ্থেবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ বোৱাৰীজনীৰ লগতে ভনীয়েকক উদ্ধাৰ কৰে । ইতিমধ্যে মহিলা গৰাকীয়ে সৰ্থেবাৰী আৰক্ষী থানাত স্বামী প্ৰণৱ ৰয়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আৰু ন্যায় বিচৰাৰ লগতে অভিযুক্ত স্বামীক আটক কৰিবলৈ দাবী জনাইছে ।