ETV Bharat / state

মিত্ৰজোঁটেই কাল হ'ল নেকি ভূপেন ৰয়ৰ ? - বৰপেটা

বিজেপি মিত্ৰজোঁটৰ সৈতে নিৰ্বাচন খেলাৰ অগপৰ সিদ্বান্তৰ পাচতেই বৰপেটাৰ প্ৰাৰ্থিত্ব গ'ল কুমাৰ দীপক দাসৰ হাতলৈ ৷ বুধবাৰে ভি ভি আই পি, সমৰ্থনকাৰীৰে সৈতে মিত্ৰজোঁটৰ হৈ মনোনয়নো দাখিল কৰিলে কুমাৰ দীপক দাসে ৷ কিন্তু মিত্ৰজোঁটৰ সৈতে নিৰ্বাচন খেলা বাবেই ভূপেন ৰয়ে হেৰুৱালে নেকি বৰপেটা সমষ্টিৰ টিকট ?

etv bharat
author img

By

Published : Apr 4, 2019, 2:14 PM IST

বৰপেটা, 4 এপ্ৰিল : বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কুমাৰ দীপক দাসৰ ৷ বিজেপি সভাপতি ৰনজিৎ কুমাৰ দাস, অগপ সভাপতি অতুল বৰা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তথা বিপিএফৰ নেতা বিশ্বজিৎ দৈমাৰীসহ বহু নেতা-কৰ্মী আৰু হেজাৰোধিক সমৰ্থকক লগত লৈ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত বুধবাৰে মনোনয়ন দাখিল কৰিলে কুমাৰ দীপক দাসে ৷

ভূপেন ৰয়

মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কুমাৰ দীপক দাসক মনোনয়ন প্ৰদান কৰা হ'ল যদিও বিজেপিৰ সৈতে জোঁটবন্ধনৰ পূৰ্বে অগপৰ প্ৰত্যাশিত প্ৰাৰ্থী হিচাপে উচ্ছাৰিত হৈছিল ভূপেন ৰয়ৰ নাম ৷ মিত্ৰজোঁট ত্যাগ কৰি অকলে নিৰ্বাচন খেলাৰ দলৰ দূৰ্দিনৰ সেই সিদ্ধান্তৰ সময়ত দলৰ হৈ বৰপেটাত প্ৰতিদ্বন্দিতাৰ বাবে কোনো আগবাঢ়ি নহাৰ সময়ত দলৰ হৈ প্ৰতিদ্বন্দিতাত নামিবলৈ আগবাঢ়ি আহিছিল ভূপেন ৰয় ৷ কিন্তু বিজেপি মিত্ৰজোঁটৰ সৈতে নিৰ্বাচন খেলাৰ সিদ্বান্তৰ পিচতেই প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ পৰিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধী কুমাৰ দীপক দাস ৷ দলে ভূপেন ৰয়ৰ বিপৰীতে কুমাৰ দীপক দাসকেই প্ৰদান কৰিলে দলীয় প্ৰাৰ্থিত্ব ৷ অৱশ্যে তাৰবাবে কোনো খেদ নাই বুলি প্ৰকাশ কৰি ভূপেন ৰয়ে ক'লে, "টিকট দিলে সুখী হ'লোহেতেন ৷ সুখী হ'লহেতেন মোৰ সমৰ্থকসকলো ৷"

দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে দলৰ ভাল হোৱাটোৱেই তেওঁৰ কাম্য বুলিও মন্তব্য কৰে টিকট বঞ্চিত অগপ নেতাগৰাকীয়ে ৷ এতিয়াও বৰপেটাৰ লগতে ধুবুৰী সমষ্টিতো দলৰ হৈ কাম কৰি আছে নেতাগৰাকীয়ে ৷ পিছেঅগপ নেতাগৰাকীৰ মুখত এনে মন্তব্য শুনাৰ পিচত নিশ্চিতভাৱে মনলৈ আহে- কৰবাত অকনমান হ'লেও বেদনা কঢ়িয়াই ফুৰিছে নেকি ভূপেন ৰয়ে ?

Slug:     A_BAR_4APR_802TO804_BARPETA_AGP_LEADER_BHUPEN_ROY_VIS+BITE+PHOTO_BAPKAN_DAS                     

 বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে কুমাৰ দীপক দাসেঃ
কৰবাত ক্ষোভ ৰৈ গ'ল নেকি অগপ নেতা ভূপেন ৰয়ৰ !!!

বৰপেটা, ৪ মাৰ্চঃ বুধবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰপেটাত মনোনয়ন দাখিল কৰিলে অগপৰ কুমাৰ দীপক দাসে ৷ বিজেপি সভাপতি ৰনজিৎ কুমাৰ দাস, অগপ সভাপতি অতুল বৰা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ তথা বিপিএফৰ নেতা বিশ্বজিৎ দৈমাৰীসহ বহু নেতা-কৰ্মী আৰু হেজাৰোধিক সমৰ্থকক লগত লৈ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ মনোনয়ন দাখিলৰ সময়ত কুমাৰ দীপক দাসৰ লগত থকাৰ পিচতো কৰবাত অলপ দুখ, অলপ ক্ষোভ, অলপ অসন্তুষ্টি থাকি গ'ল নেকি উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা ভূপেন ৰয়ৰ মনত ৷ বৰপেটা সমষ্টিত প্ৰাৰ্থিত্বক লৈ কি কয় অগপৰ প্ৰতিষ্ঠাপক নেতাগৰাকীয়ে, শুনকছোন.... 
বাইটঃ ভূপেন ৰয় ৷

হয়, অসম গণ পৰিষদে যেতিয়া অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্তত অটল আছিল সেই সময়ত দলৰ হৈ বৰপেটাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে উচ্ছাৰিত হৈছিল ভূপেন ৰয়ৰ নাম ৷ মিত্ৰজোঁট ত্যাগ কৰি অকলে নিৰ্বাচন খেলাৰ  দলৰ দূৰ্দিনৰ সেই সিদ্ধান্তৰ সময়ত দলৰ হৈ বৰপেটাত প্ৰতিদ্বন্দিতাৰ বাবে কোনো আগবাঢ়ি নহাৰ সময়ত দলৰ হৈ প্ৰতিদ্বন্দিতাত নামিবলৈ আগবাঢ়ি আহিছিল ভূপেন ৰয় ৷ কিন্তু বিজেপি মিত্ৰজোঁটৰ সৈতে নিৰ্বাচন খেলাৰ সিদ্বান্তৰ পিচতেই প্ৰাৰ্থীত্বৰ দাবীদাৰ হৈ পৰিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰবল বিৰোধী কুমাৰ দীপক দাস ৷ দলে ভূপেন ৰয়ৰ বিপৰীতে কুমাৰ দীপক দাসকেই প্ৰদান কৰিলে দলীয় প্ৰাৰ্থীত্ব ৷ অবশ্যে তাৰবাবে কোনো খেদ নাই বুলি প্ৰকাশ কৰিও ভূপেন ৰয়ে কলে-- টিকট দিলে সুখী হলোহেতেন ৷ সুখী হ'লহেতেন মোৰ সমৰ্থকসকলো ৷ কিন্তু দলীয় প্ৰাৰ্থিত্ব নাপালে জ্যেষ্ঠ অগপ নেতা ভূপেন ৰয়ে ৷ তাৰপিচতো দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে দলৰ ভাল হোৱাতোৱেই তেওৰ কাম্য বুলি মন্তব্য কৰিলে টিকট বঞ্চিত অগপ নেতাগৰাকীয়ে ৷ এতিয়াও বৰপেটাৰ লগতে ধুবুৰী সমষ্টিতো দলৰ হৈ কাম কৰি আছে নেতাগৰাকীয়ে ৷ পিছে
অগপ নেতাগৰাকীৰ মুখত এনে মন্তব্য শুনাৰ পিচত নিশ্চিতভাৱে মনলৈ আহে- কৰবাত অকন বেদনা কঢ়িয়াই ফুৰিছে নেকি ভূপেন ৰয়ে......!!!!!

বাইটঃ ভূপেন ৰয়, অগপ নেতা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.