ETV Bharat / state

পোকে ধৰা চাউল বিতৰণ অংগনাবাড়ী কৰ্মীৰ

বিলাসীপাৰাৰ অংগনাবাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । শিশু সকলৰ মাজত পোকে ধৰা চাউল বিতৰণ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

author img

By

Published : Aug 27, 2021, 10:26 PM IST

পোকে ধৰা চাউল বিতৰণ অংগনাবাড়ী কৰ্মীৰ
পোকে ধৰা চাউল বিতৰণ অংগনাবাড়ী কৰ্মীৰ

বিলাসীপাৰা, 27 আগষ্ট: বিলাসীপাৰ শিক্ষা খণ্ডৰ অৰ্ন্তগত 1891 নং আনন্দ নগৰ প্ৰাথমিক বিদ্যালয়ত থকা 69 নং অংগনাবাড়ী কেন্দ্ৰত সংঘটিত হৈছে আজৱ কাণ্ড ৷ কেন্দ্ৰটোৰ কৰ্মী নুৰজাহান বেগমে দীৰ্ঘ দিন ধৰি শিশু সকলৰ খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে কৰ্মী গৰাকীয়ে শিশুসকলক খাদ্যৰ বাবে অনুপযোগী চাউল বিতৰণ কৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অংগনাবাড়ী কেন্দ্ৰটোত ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰাই অংগনাবাড়ী কেন্দ্ৰটোৰ কৰ্মী নুৰ জাহান বেগমে শিশু সকলৰ খাদ্য আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷

পোকে ধৰা চাউল বিতৰণ অংগনাবাড়ী কৰ্মীৰ

লগতে পঢ়কঃ প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ অংগনবাড়ী কৰ্মী নুৰ জাহানৰ ক্ষেত্ৰতো সেই একেই ঘটনা সংঘটিত হ’ল ৷ সীমাহীন দুৰ্নীতি কৰি অৱশেষত ৰাইজৰ ৰোষত পৰিল নুৰ জাহান ৷ উল্লেখ্য যে, নুৰ জাহানে সংঘটিত কৰি অহা দুৰ্নীতিৰ বিষয়ে ৰাইজে বিলাসীপাৰা শিশু উন্নয়ন প্ৰকল্পৰ কৰ্তৃপক্ষক আৰু বিলাসীপাৰা মহকুমাধিপতিক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

কিন্তু শুকুৰবাৰে নুৰ জাহানে শিশু সকলৰ মাজত চাউল আৰু সুষম খাদ্য বিতৰণ কৰিছিল ৷ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়তে ধৰা পৰে পোকে খোৱা চাউল বিতৰণ কৰি থকা কাৰ্য ৷ লগে লগে উত্তপ্ত হৈ পৰে অংগনাবাড়ী কেন্দ্ৰটো ৷ তাৰ পাছতে ঘটনাস্থলীত বিলাসীপাৰা শিক্ষা বিভাগৰ বিষয়াৰ লগতে বিলাসীপাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

শিক্ষা বিষয়া সকলে চাউল বিতৰণ বন্ধ কৰি দি নুৰ জাহানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আশ্বাস দিয়াতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷ অৱশ্যে অভিযুক্ত নুৰ জাহান বেগমৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ চামগুৰিত উপদ্ৰৱ ৰোধ কৰিবলৈ সাজু বিক্ৰম আৰু ৰাজুমালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.