ETV Bharat / state

খাদ্য সুৰক্ষা আঁচনিত বৰপেটাত ৪২ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:42 PM IST

Distribution of NFSA : বৰপেটা জিলাত ভাৰত চৰকাৰৰ অভিলাষী খাদ্য সুৰক্ষা আঁচনিত নতুনকৈ ৪২ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হয় ৷ এই আঁচনিখনৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

Priority Household card
বৰপেটাত মন্ত্ৰী নন্দিতা গাৰ্লোচা
বৰপেটাত মন্ত্ৰী নন্দিতা গাৰ্লোচা

বৰপেটা, ১৬ জানুৱাৰী : আজি অৰ্থাৎ মঙলবাৰ পৰা অসম চৰকাৰে আৰম্ভ কৰে ভাৰত চৰকাৰৰ অভিলাষী খাদ্য সুৰক্ষা আঁচনিত হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে জিলাখনৰ নতুনকৈ ৪২ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হয় ৷ ইয়াৰ অংশ হিচাপে আজি বৰপেটা বিধানসভা সমষ্টিত আঁচনিখনৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে অসম চৰকাৰৰ শক্তি, সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ।

এই উপলক্ষে বৰপেটা ছায়াৰাম ছোৱালী শিক্ষানুষ্ঠানৰ খেল পথাৰত বৃহৎ সংখ্যক লোক বিশেষকৈ মহিলাৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এক ৰাজহুৱা সভা ৷ এই সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গাৰ্লোচাই কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘দেশৰ এজনো নাগৰিক যাতে ভোকত থাকিব নালাগে ৷ সেই লক্ষ্যৰে ৰূপায়ণ কৰা আঁচনিখনক আজি অসমে আৰু এটা ঢাপ আগবঢ়াই নিবলৈ সক্ষম হ'ল’’ ।

তেওঁ আৰু কয়, ‘‘আঁচনিখনৰ জৰিয়তে দুখীয়া লোকসকলে যে কেৱল বিনামূলীয়া চাউলেই লাভ কৰিব তেনে নহয়, তেওঁলোকে আয়ুষ্মান কাৰ্ডকে ধৰি অন্যান্য অতি প্ৰয়োজনীয় সা সুবিধাও ভোগ কৰিব পাৰিব’’ । মন্ত্ৰী গাৰ্লোচাই উল্লেখ কৰা অনুসৰি, বৰপেটা বিধানসভা সমষ্টিত নতুনকৈ ১২ হাজাৰ ৩৬৭ গৰাকী হিতাধিকাৰীয়ে এতিয়াৰে পৰা খাদ্য সুৰক্ষাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ’ব ৷ আনহাতে, বৰপেটা জিলাত নতুন হিতাধিকাৰীৰ সংখ্যা হ'ল ৪৭ হাজাৰ ৪৩৮ গৰাকী ।

উল্লেখ্য যে, এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে প্ৰতীকী ৰূপত আঠগৰাকী হিতাধিকাৰীৰ মাজত কাৰ্ড বিতৰণ কৰে । অনুষ্ঠানত বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ, বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অনিল কুমাৰ দাসসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : সৰুপথাৰত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.