ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন অঞ্চলত শিল্পী-সমাজৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে শিল্পী-সমাজৰ প্ৰতিবাদ ৷ শিল্পী-সমাজৰ প্ৰতিবাদত স্বতঃস্ফুট অংশগ্ৰহণ জনসাধাৰণৰ ৷ ইফালে অখিল গগৈক ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে চৰকাৰক হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷

author img

By

Published : Dec 15, 2019, 9:51 PM IST

DHEMAJI JONAI KALIABOR CAB PROTEST
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন অঞ্চলত শিল্পী-সমাজৰ প্ৰতিবাদ

জনিয়া,15 ডিচেম্বৰ: কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ প্ৰসংগত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ দেওবাৰে নাগৰিকত্ব সংশোধনী আইনক সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী, অসম আৰু অসমীয়া জাতিধ্বংসী এই ক'লা আইনক অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।

জনিয়াত অখিল গগৈ গ্ৰেপ্তাৰ বিৰুদ্ধে হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম

দেওবাৰে আশ্ৰাফুল ইছলামে কয় যে, সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু উপ-সভাপতি লক্ষজ্যোতি গগৈ সহ কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰে ৷

আনহাতে কৃষক নেতা অখিল গগৈ গ্ৰেপ্তাৰ সন্দৰ্ভত কয় যে, কৃষক নেতা অখিল গগৈ জাতিদ্ৰোহী সজাই গ্ৰেপ্তাৰ কৰে ৷ তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ কেতিয়াও সফল নহয় ৷ কৃষক নেতা অখিল গগৈ অসমৰ আৰু অসমীয়াৰ জাতীয় সত্ত্বা ৷ তেখেতে জাতিদ্ৰোহৰ গোচৰত আচলতে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কে গ্ৰেপ্তাৰ কৰিব লাগে ৷ কিয়নো তেওঁলোকে সংবিধান বিৰোধী এই ক'লা আইনখন আনিলে ৷

লগতে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে চৰকাৰক হুংকাৰ দিয়ে যে, চৰকাৰে কৃষক মুক্তিৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি এই আন্দোলনটো মষিমূৰ কৰিম ভাবিছে যদি সম্পূৰ্ণ ভুল ভাবিছে, এই আন্দোলন কোনো দল-সংগঠনৰ বা নেতাৰ নহয় এই আন্দোলন সমগ্ৰ অসমীয়াৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ৷ গতিকে এই ক'লা আইন বাতিল নোহোৱা পৰ্যন্ত অসমৰ জনগণে এই আন্দোলন চলাই যাব বুলি চাৰকাৰক হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ৷

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত এইপৰ্যন্ত মৃত্যু 5 গৰাকীৰ

কলিয়াবৰ: সমগ্ৰ ৰাজ্যৰ লগতে শণিবাৰে কলিয়াবৰতো নাগৰিকত্ব সংশোধনী আইনক বিৰোধী প্ৰতিবাদ কলিয়াবৰ শিল্পী-সমাজৰ ৷ গীতে-মাতে প্ৰতিবাদ অব‍্যাহত ৰাখিছে কলিয়াবৰ শিল্পী-সমাজে । নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সভাত কলিয়াবৰত অগপ নেতা মণিমাধৱ মহন্ত আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মী বিৰোধৰ সন্মুখীন । প্ৰতিবাদী সভাস্থলী ত‍্যাগ কৰে মণিমাধৱ মহন্তই । যোৱা এমাহ দিন ধৰি অসমৰ হস্তী-মানৱ সংঘাতৰ বিষয়ে অধ‍্যয়ন কৰি থকা ছুইজাৰলেণ্ডৰ মহিলা ব্ৰিজিট আটাৰ কৰ্ণট্‌জ্কীয়ে এই সভাত অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কলিয়াবৰত নাগৰিকত্ব সংশোধনী আইনক বিৰোধী প্ৰতিবাদ কলিয়াবৰ শিল্পী-সমাজৰ

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত জমিয়া মিলিয়া ছাত্ৰসকলে জ্বলালে দিল্লীৰ চৰকাৰী বাছ

ধেমাজি:ধেমাজি চহৰতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল ৷ ধেমাজি শিল্পী-সমাজৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী সমদলত স্বতঃস্ফূৰ্ত অংশগ্ৰহণ কৰে শতাধিক জনাসাধাৰণে ৷ শিল্পী-সমাজৰ লগতে জনসাধাৰণে এই ক'লা আইনখনৰ বিৰুদ্ধে জাতীয় সংগীত পৰিৱেশনৰ লগতে বিভিন্ন গীত-মাতৰে মাজৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল

লগতে পঢ়ক:বিভ্ৰান্তিত অগপঃ ৰোষত পৰি অন্তঃকন্দল উদঙাই আদালতলৈ ঢাপলি

Intro:Body:

DHEMAJI JONAI KALIABOR CAB PROTEST

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.