বৰপেটা,১১ জানুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ লক্ষ্যেৰে কংগ্ৰেছে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । সোমবাৰে বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত অনুষ্ঠিত কংগ্ৰেছৰ বুথ সন্মিলনত জনতাৰ ব্যাপক ভিৰ ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং,ৰিপুণ বৰাসহ কেইবাগৰাকীও শীৰ্ষ নেতা সন্মিলনখনত অংশ লোৱাৰ পূৰ্বেই প্ৰায় ২০ হাজাৰ লোকে ভিৰ কৰে সভাত । বিশাল সভাত পৰিণত হ'ল কংগ্ৰেছৰ বুথ সন্মিলন ।
বৰপেটাৰ সাংসদ আব্দুল খালেক,সাংসদ গৌৰৱ গগৈ,বিধায়ক ৰকিবুল হুছেইন,শুকুৰ আলী,অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাস,ৰেকিবুদ্দিন আহমেদ,ৰশিদ আলম চৌধুৰীৰ লগতে বিভিন্ন নেতা আজিৰ সন্মিলনত উপস্থিত থাকে ৷
সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আঁত ধৰা বুথ সন্মিলনত ৰাইজৰ সঁহাৰিয়ে আশা কঢ়িয়াই আনিছে দলটোলৈ । সভাত কংগ্ৰেছ নেতাসকলে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ পূৰ্বৰে পৰা সভাত ৰাইজৰ অভাৱনীয় ভিৰ হ'ব বুলি নিশ্চিত আছিল কংগ্ৰেছ কৰ্মীসকল । সেয়ে,বিশাল বুথ সন্মিলনখনত চকীৰ ব্যৱস্থা কৰাৰ লগতে বৃহৎ গেলেৰীৰ ব্যৱস্থা কৰা হৈছিল ।
লগতে পঢ়ক:নগাঁৱত ড্ৰাগছ আসক্ত যুৱকক উত্তম-মধ্যম শোধালে ৰাইজে