ETV Bharat / state

আগ্ৰাসী বিজেপি: অগপ শূন্য হ'ব নেকি বৰপেটা !

author img

By

Published : Jan 31, 2021, 12:47 PM IST

অগপৰ দখলত থকা ইটোৰ পিচত সিটো সমষ্টি দাবী কৰি আহিছে বিজেপিয়ে ৷ তাৰ মাজতে 21ৰ নিৰ্বাচনত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা অক্ষুন্ন থাকিব বুলি দুয়োটা দলৰ নেতৃত্বই ঘোষণা কৰি অহাৰ সময়তে নামনি অসমৰ দুটা গুৰুত্বপূৰ্ণ সমষ্টিত চকু পৰিছে বিজেপিৰ ৷ পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাটো একপ্ৰকাৰ খাটাং হৈ পৰাৰ পাচতেই আনটো সমষ্টি বৰপেটাটো চকু দিছে বিজেপিয়ে ৷

আগ্ৰাসী বিজেপি: অগপ শূন্য হ'ব নেকি বৰপেটা !
আগ্ৰাসী বিজেপি: অগপ শূন্য হ'ব নেকি বৰপেটা !

বৰপেটা, 31 জানুৱাৰী: সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ 21ৰ নিৰ্বাচনত অগপৰ সৈতে বিজেপিৰ মিত্ৰতা অক্ষুন্ন থাকিব বুলি দুয়োটা দলৰ নেতৃত্বই ঘোষণা কৰি অহাৰ সময়তে আগন্তুক নিৰ্বাচনটো যেন অগপৰ বাবে হৈ পৰিব অগ্নিপৰীক্ষা ৷ কিয়নো অগপৰ দখলত থকা ইটোৰ পিচত সিটো সমষ্টি দাবী কৰি আহিছে বিজেপিয়ে ৷ ৰাজ্যৰ আনবোৰ সমষ্টিৰ কথা বাদেই, অগপৰ দখলত থকা পূৰ্বৰ বৰপেটা জিলাৰ দুয়োটা সমষ্টিতেই চকু পৰিছে বিজেপিৰ ৷ অগপৰ দখলত থকা বৰ্তমানে বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিত এইবাৰ বিজেপিয়ে নিৰ্বাচন খেলাটো একপ্ৰকাৰ খাটাং হৈ পৰাৰ পিচত অগপৰ দখলত থকা বৰপেটা জিলাৰ আনটো সমষ্টি বৰপেটাটো সমষ্টিটো চকু দিছে বিজেপিয়ে ৷

ইফালে বৰপেটা সমষ্টিৰ তিনিওটা মণ্ডলৰ কাৰ্যকৰ্তাৰ লগতে বৰপেটা জিলা বিজেপিৰ সভাপতি আৰু সম্পাদকসহ জিলা আৰু ৰাজ্যিক বিজেপিক নেতৃত্ব বহন কৰা সমষ্টিটোৰ বিজেপি নেতাসকল আৰু সাতোটা মৰ্চাৰ কাৰ্যকৰ্তা সকলক লৈ বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাই বৰপেটা সমষ্টিটো অগপক এৰি দিয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত প্ৰস্তাৱ গ্ৰহন কৰিছে ৷

বিজেপিৰ অভিযোগ সত্ৰনগৰী বৰপেটাৰ উন্নয়ণৰ স্বাৰ্থত অগপৰ গুনীন্দ্ৰ নাথ দাসৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ঠিয় কৰাব লাগে ৷ কিয়নো সমষ্টি উন্নয়ণত ব্যৰ্থ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাস ৷ তাৰোপৰি বিধায়ক গুনীন্দ্ৰনাথ দাসৰ পৰা সহায় দুৰৈৰে কথা মুখৰ মাত এষাৰো নাপায় হেনো বিজেপি নেতা কৰ্মীয়ে ৷ মুঠতে বৰপেটাৰ অগপ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ ওপৰত ৰুষ্ট বিজেপি নেতা কৰ্মীক লাগে বৰপেটা সমষ্টি ৷ আনকি সংখ্যালঘু ভোটাৰে ফলাফল নিৰ্ণয় কৰা বৰপেটা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী কৰাৰ কৌশল কি হ'ব সেই সম্পৰ্কেও ৰণকৌশল প্ৰস্তুত কৰি ৰাখিছে বিজেপিয়ে ৷ বিজেপি নেতৃত্বৰ দাবী, বুথ সমিতিৰ শক্তিৰে 21ৰ নিৰ্বাচনত বৰপেটা সমষ্টিত জয়ী হ'ব বিজেপিৰ প্ৰাৰ্থী ৷

ইয়াৰ লগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিধায়ক হিচাপে 5 বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে সমষ্টি উন্নয়নত অগপ প্ৰাৰ্থীগৰাকী ব্যৰ্থ হোৱা বুলি বিজেপিয়ে তোলা অভিযোগ কিমান যুক্তিসংগত তাক লৈয়ো উঠিছে প্ৰশ্ন ৷

লগতে পঢ়ক: লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.