বৰপেটা, 6 মে': বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহ, শিল্পী, সাহিত্যিক তথা সাংবাদিক গোকুল পাঠক সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ । বুধবাৰে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই, বিগত কেবাদিননো ধৰি গুৰতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ঠ লোক গৰাকীৰ স্বাস্থ্যৰ বুজ লয় । লোক সংস্কৃতি তথা সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সাধক, বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা গৰাকীৰ বাসগৃহত উপস্থিত হৈ উপায়ুক্ত গৰাকীয়ে, সাহিত্যিক গৰাকীৰ সৈতে কিছুসময় বাৰ্তালাপ কৰে ।
শয্যাশায়ী গোকুল পাঠকে অসুস্থতাৰ মাজতো তেওঁ উদ্ধাৰ কৰা ভাতকুছি সত্ৰখনৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে ব্যৱস্থা ল'বলৈ উপায়ুক্তগৰাকীক অনুৰোধ জনায় । শাৰীৰিক অসুস্থতাৰ মাজতো সত্ৰীয়া সংস্কৃতিৰ উন্নয়নৰ চিন্তা কৰা সত্ৰীয়া সাধক গৰাকীৰ অনুৰোধৰ প্ৰতি সন্মান জনাই উপায়ুক্ত গৰাকীয়ে, ভাতকুছি সত্ৰৰ উন্নয়ন আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে । আজীৱন সত্ৰীয়া কৃষ্টি-সংস্কৃতি তথা লোক সংস্কৃতিৰ সাধনাত ব্ৰতী লোকগৰাকীৰ অসুস্থতাৰ খবৰ ল'বলৈ আজি, সাহিত্যিক গৰাকীৰ বাসগৃহত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল । আছুৰ উপ সভাপতি প্ৰদীপ দাস আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসৰ লগতে কেবাজনো ছাত্ৰনেতাই গোকুল পাঠকৰ খবৰ লোৱাৰ লগতে, তেওঁৰ মূল্যবান সৃষ্টিৰাজিৰ লগতে তেওঁৰ সকলো সম্পদ সংৰক্ষনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ।
আনহাতে একেদিনাই বৰপেটাৰ জিলাৰ উপায়ুক্ত গৰাকীয়ে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ বুঢ়াসত্ৰীয়া বাপজনাৰো স্বাস্থ্যৰ বুজ লয় ।
লগতে পঢ়কঃ পুলিৎজাৰ বঁটাঃ ৰাষ্ট্ৰীয়তাবাদ আৰু সাংবাদিকতা