জনীয়া,23 জুন :বাৰিষা আহিলেই শংকিত হৈ পৰে অসমৰ নৈ পৰীয়া ৰাইজ ৷ বছৰ বছৰ ধৰি ৰাজ্যখনত সৃষ্টি হোৱা বান পৰিস্থিতিত হাজাৰ হাজাৰ কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি হেৰুৱাই সৰ্বাস্ৰান্ত হ'বলগীয়া হৈছে নৈপৰীয়া ৰাইজ ৷ কি কংগ্ৰেছ (Congress), কি বিজেপি (BJP) কোনো এখন চৰকাৰেই ব্ৰহ্মপুত্ৰ নদী (Bramhaputra River)কে ধৰি বিভিন্ন নৈত গৰাখহনীয়া তথা বান (flood) পৰিস্থিতি প্ৰতিৰোধ কৰিবলৈ উচিত ব্যৱস্থা নোলোৱাৰ ফলতেই প্ৰতি বছৰেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে অসমৰ ৰাইজে ৷
বৰপেটা, লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি প্ৰায় সংখ্যক জিলাতে প্ৰতি বছৰে সৃষ্টি হয় ভয়ংকৰ বান পৰিস্থিতি ৷ উক্ত বানত ইতিমধ্যে হাজাৰ হাজাৰ লোকে ঘৰ, মাটি-ভেটি হেৰুৱাই মঠাউৰিৰ ওপৰতে দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সমান্তৰালকৈ বৰপেটা জিলা (Barpeta district)ৰ কলগাছিয়াৰ কাউৰজাহী-বলাইপাথাৰত অব্যাহত আছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া (Erosion) । চপৰা চপৰে খহিছে কৃষিভূমি ।
ইতিমধ্যে বেকী নৈৰ খহনীয়াত জাহ গ'ল ৰিং বান্ধৰ লগতে প্ৰায় কুৰিটা পৰিয়ালৰ ঘৰ দুৱাৰ । কিন্তু কোনো এজন জনপ্ৰতিনিধি তথা প্ৰাসাশনে খবৰ এটাকে লোৱা নাই বুলি অভিযোগ কৰিছে ভূক্তভোগী ৰাইজে ৷
কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বলাইপাথাৰ আৰু কাউৰজাহী গাঁৱত বেকীনৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে ৰাইজ ৷ ইতিমধ্যে নৈ খনৰ খহনীয়াত জাহ গৈছে ঘৰ মাটি ভেটিৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি ৷ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। ইফালে উক্ত বিষয়টো স্থানীয় জনপ্ৰতিনিধি সকলক বাৰম্বাৰ অৱগত কৰাৰ পাছতো এই পৰ্যন্ত কোনো এটা ব্যৱস্থা নোলোৱাৰ উপৰিও স্থানীয় বিধায়ক (MLA) তথা জনপ্ৰতিনিধি সকলে ভূক্তভোগী সকলৰ কোনো এটা খবৰ লোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে ।
কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে ভোট ভিক্ষা কৰিবলৈ আহি ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে জনপ্ৰতিনিধি সকলে ৷ কিন্তু নিৰ্বাচনৰ বৈতৰনী পাৰ হোৱাৰ পিছত জনপ্ৰতিনিধি সকলে কোনো এটা প্ৰতিশ্ৰুতিয়ে পালন নকৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ শীঘ্ৰে নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ ( protection) কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰক আহ্বান জনাইছে ভূক্তভোগী ৰাইজে । যদি খহনীয়া প্ৰতিৰোধ নকৰে তেনেহ'লে অনাগত দিনত নৈ খনত বিলীন হৈ যাব বলাইপাথাৰ আৰু কাউৰজাহী গাঁৱৰ বৃহৎ অঞ্চল ৷