বৰপেটা,28আগষ্টঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ স্বৰূপ উদঙাইছে বৰপেটা জিলাৰ জনীয়া-হাউলী সংযোগী গড়কাপ্তানি পথে ৷ পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ হেজাৰ হেজাৰ ৰাইজে যাতায়াত কৰা অতি ব্যস্ততাপূৰ্ণ পথটো এইবাৰ হৈ যোৱা বানপানীয়ে কেইবা ঠাইটো খহাই পথটোৰ যথেষ্ট ক্ষতি সাধন কৰে ৷ কিন্তু তাৰ পাচতো বৰপেটা গড়কাপ্তানি বিভাগে পথটো মেৰামতি কৰাৰ কোনো তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই যাৰ বাবে নিতৌ এই পথটোত সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনা ৷
কোনো ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আগতেই মৰণফান্দ যেন পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা গড়কাপ্তানি মন্ত্ৰীক আহ্বান জনাইছে ৰাইজে ৷