ETV Bharat / state

কোন নাট্যকাৰে কাজিয়া লগাইছিল ভ্ৰাম্যমাণৰ প্ৰয়োজক সন্থাৰ মাজত ? - সাংস্কৃতিক মন্ত্ৰী বিমল বৰা

নাট্যকাৰ গৰাকীয়ে ৰাতিৰ ভিতৰতে মিছা কথাৰে শিল্পীৰ দাম বৃদ্ধি কৰি ভ্ৰাম্যমাণক কোঙা কৰি আহিছিল বুলি বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী প্ৰযোজকে ৷ নাট্যকাৰ গৰাকীয়ে চক্ৰান্ত কৰি ভ্ৰাম্যমাণ থিয়েটাৰক ডুবাই পেলোৱাৰ অভিযোগ ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ ৷

cultural-minister-bimal-bora-meet-mobile-thetre-producers
কোন নাট্যকাৰে কাজিয়া লগাইছিল ভ্ৰাম্যমাণৰ প্ৰয়োজক সন্থাৰ মাজত ?
author img

By

Published : Jun 26, 2021, 4:16 PM IST

পাঠশালা,26 জুন : ক'ভিড পৰিস্থিতি কিছু শাম কটাৰ লগে লগে আগন্তুক নাট্যবৰ্ষৰ বাবে কঁকালত টঙালি বান্ধিছে যোৱা দুটা নাট্যবৰ্ষত সম্পূৰ্ণৰূপে বন্ধ হৈ থকা ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাই ৷ এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ সৈতে বৈঠকতো মিলিত হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকল ৷ কিন্তু এইবাৰ এগৰাকী নাট্যকাৰৰ বিৰুদ্ধে সৰৱ হৈছে ভ্ৰাম্যমাণৰ প্ৰযোজক সন্থা ৷ নাট্যকাৰগৰাকীয়ে চক্ৰান্ত কৰি ভ্ৰাম্যমাণ থিয়েটাৰক ডুবাই পেলোৱাৰ অভিযোগ ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ ৷

নাট্যকাৰ গৰাকীয়ে ৰাতিৰ ভিতৰতে মিছা কথাৰে শিল্পীৰ দাম বৃদ্ধি কৰি ভ্ৰাম্যমাণক কোঙা কৰি আহিছিল বুলি বিস্ফোৰক মন্তব্য কৰিছে ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক সুবোধ মজুমদাৰে ৷ সেই গৰাকী নাট্যকাৰক ইতিমধ্যেই প্ৰযোজক সন্থাই চিনি পাইছে বুলি মন্তব্য কৰি এইবাৰ তেওঁৰ অবিহনে ভ্ৰাম্যমাণ থিয়েটাৰ সুন্দৰকৈ চলিব বুলি মন্তব্য কৰে প্ৰযোজক গৰাকীয়ে ৷ শিল্পীৰ মাননিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰযোজক গৰাকীয়ে ৷

ইফালে শিল্পীৰ মাননি কম কৰাৰ ক্ষেত্ৰত সকলো প্ৰযোজককে এক হোৱাৰ আহ্বান জনাইছে বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধিয়ে ৷

কোন নাট্যকাৰে কাজিয়া লগাইছিল ভ্ৰাম্যমাণৰ প্ৰয়োজক সন্থাৰ মাজত ?

লগতে দৰ্শককো গ্লেমাৰতকৈ বেছি নাটক তথা অভিনয়ত গুৰুত্ব দিয়াৰ আহ্বান জনাইছে প্ৰযোজক গৰাকীয়ে ৷ ভ্ৰাম্যমাণক যদি চৰকাৰে সহায় কৰিব লাগে তেন্তে ভ্ৰাম্যমাণে কিছু চৰকাৰী নীতি-নিৰ্দেশনা মানিব লাগিব বুলি সদৰী কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ থিয়েটাৰ প্ৰযোজক সন্থাৰ সৈতে হোৱা বৈঠকৰ অন্তত ভ্ৰাম্যমাণৰ প্ৰযোজকসকলে চৰকাৰী নীতি-নিয়ম মনিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ৷ শিল্পীৰ অত্যাধিক মাননিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে মন্ত্ৰী বৰা ৷

লগতে পঢ়কঃ আজৱ কাণ্ড: জন্ম হোৱা পুত্ৰ সন্তান কিছু সময়ৰ পাচতে হৈ পৰিল কন্যা সন্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.