ETV Bharat / state

বহিঃৰাজ্যত তিয়ঁহ ৰপ্তানি নোহোৱাৰ বাবে বিধ্বস্ত খেতিয়ক - ৰপেটা জিলাৰ জাহোৰপাম অঞ্চলৰ তিয়ঁহ খেতিয়ক

এইবেলি বহিঃৰাজ্যত তিয়ঁহৰ চাহিদা একেবাৰে হ্ৰাস পোৱাত অন্য ৰাজ্যলৈ একেবাৰে ৰপ্তানি হোৱা নাই তিয়ঁহ ৷ ফলত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকলে ।

বিধ্বস্ত তিয়ঁহ খেতিয়ক
বিধ্বস্ত তিয়ঁহ খেতিয়ক
author img

By

Published : Feb 2, 2020, 4:19 PM IST

জনীয়া, 2 ফেব্ৰুৱাৰীঃ মূৰে-কপালে হাত দিবলগীয়া হৈছে বৰপেটা জিলাৰ জাহোৰপাম অঞ্চলৰ তিয়ঁহ খেতিয়কসকল । বিগত বছৰবোৰত বহিঃৰাজ্যত তিয়ঁহৰ চাহিদা বৃদ্ধি পোৱা বাবে উক্ত অঞ্চলটোৰ খেতিয়কসকলে বন্ধন বেংকৰ লগতে বিভিন্ন ঠাইৰ পৰা ঋণ লৈ হেজাৰ হেজাৰ বিঘা মাটিত তিয়ঁহ খেতি কৰিছিল । কিন্তু এইবেলি বহিঃৰাজ্যত তিয়ঁহৰ চাহিদা একেবাৰে হ্ৰাস পোৱাত অন্য ৰাজ্যলৈ একেবাৰে ৰপ্তানি হোৱা নাই তিয়ঁহ ফলত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকল ।

লগতে পঢ়কঃ টিংখাঙৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী.....

জানিব পৰা মতে, এইবেলি বজাৰত দেৰ টকাৰ পৰা দুই টকা দামতহে বিক্ৰী হৈছে তিয়ঁহ । যি দামত বিক্ৰী কৰি ঠেলা ভাড়া পৰ্যন্ত সংগ্ৰহ হোৱা নাই খেতিয়কসকলৰ । যাৰ ফলত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে । এই ক্ষেত্ৰত চৰকাৰৰ পৰা আৰ্থিক সহায় বিচাৰিছে জনীয়া অঞ্চলটোৰ তিয়ঁহ খেতিয়কসকলে । অন্যথা আত্মহত্যাৰ বাদে খেতিয়ক সকলৰ হাতত অন্য কোনো বিকল্প নাই বুলি বাৰে বাৰে দোহাৰে খেতিয়কসকলে ।

Intro:slug: as_jania_2feb_cucumber_cultivator_vis3+byt3+pho1_spl_pkg_story_asc10058

Anchor: লাখ লাখ টকা লোকচানৰ সন্মুখীন তিয়ঁহ খেতিয়ক সকল। তিয়ঁহ বিক্ৰী কৰি ঠেলা ভাড়াও নোলায় খেতিয়কৰ। বন্ধন বেংকৰ পৰা ঋণ লৈ কৰিছিল তিয়ঁহ খেতি। চাওক আমাৰ এক প্ৰতিবেদন -Body:slug: as_jania_2feb_cucumber_cultivator_vis3+byt3+pho1_spl_pkg_story_asc10058

VO: মূৰে-কপালে হাত দিবলগীয়া হৈছে বৰপেটা জিলাৰ জাহোৰপাম অঞ্চলৰ তিয়ঁহ খেতিয়ক সকলে। জাহোৰপাম অঞ্চলৰ খেতিয়ক সকলে বন্ধন বেংককে ধৰি বিভিন্ন ঠাইৰ পৰা ঋণ লৈ কৰিছিল হেজাৰ-হেজাৰ বিঘা তিয়ঁহ খেতি। বিগত বছৰবোৰত তিয়ঁহ বহিঃৰাজ্যত বিক্ৰী হৈছি। কিন্তু এই বেলি বহিঃৰাজ্যত তিয়ঁহৰ চাহিদা নাই বুলি খেতিয়ক সকলে অনুমান কৰিছে। তিয়ঁহ বহিঃৰাজ্যত ৰপ্তানি নোহোৱাৰ বাবেই খেতিয়ক সকলে লাখ-'লাখ টকা লোকচানৰ সন্মুখীন হৈছে। এইবেলি বজাৰত দেৰ টকাৰ পৰা দুই টকা দামতহে বিক্ৰী হয় তিয়হ। যি দামত বিক্ৰী কৰি ঠেলা ভাড়া পৰ্যন্ত সংগ্ৰহ নহয় খেতিয়কৰ। যাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়ক সকলে। এই ক্ষেত্ৰত চৰকাৰৰ পৰা আৰ্থিক সহায় কামনা কৰিছে। অন্যথা খেতিয়ক সকলৰ আত্ম হত্যাৰ বাদে কোনো বিকল্প নাই বুলিও দোহাৰে খেতিয়কে।Conclusion:slug: as_jania_2feb_cucumber_cultivator_vis3+byt3+pho1_spl_pkg_story_asc10058

Byte: খেতিয়ক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Special package story
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.