বৰপেটাৰোড, 7 জানুৱাৰী : নাগৰিকত্ব সংশোধিত আইন 2019 বাতিল কৰা,সৰভোগত মহকুমা স্থাপন কৰা,সৰভোগত দুগ্ধ বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰা, প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় স্থাপন কৰা,চকচকা উন্নয়ন খণ্ডৰ স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ আদিৰ দাবীত চিপিআইএমে বৃহস্পতিবাৰে সৰভোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
শতাধিক প্ৰতিবাদকাৰীয়ে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় চিপিআইএমৰ নেতা সুপ্ৰকাশ তালুকদাৰ,চি পি আই এমৰ ৰাজ্যিক কমিটিৰ সম্পাদক মণ্ডলীৰ সদস্য মনোৰঞ্জন তালুকদাৰ,জিলা পৰ্যায়ৰ নেতা কমলা বৰ্মন আদিয়ে ৷
প্ৰতিবাদস্থলীৰ পৰা নেতা সুপ্ৰকাশ তালুকদাৰে কয়,বিজেপি চৰকাৰে 2016 চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি বিজেপিয়ে ভংগ কৰি অসমবাসীক চৰম বিশ্বাসঘাতকতা আৰু চৰম প্ৰতাৰণা কৰিছে ৷ কিয়নো বিজেপিয়ে অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছে যদিও অসমীয়াৰ ওপৰত কা' জাপি দি পুনৰ অসমবাসীৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰে তালুকদাৰে ৷
ইয়াৰ সমান্তৰালভাৱে সুপ্ৰকাশ তালুকদাৰে বিজেপি চৰকাৰক সাম্প্ৰদায়িক আখ্যা দিয়ে ৷ তেওঁ কয়,বিজেপি চৰকাৰে মানুহক ভাগ ভাগ কৰিব বিচাৰিছে ৷ আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ আহ্বান জনাই সুপ্ৰকাশ তালুকদাৰে ৷
লগতে পঢ়ক: বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে