বৰপেটাৰোড 22 জুন: সৰভোগ সমষ্টি বিলুপ্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰভোগত বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ ক্ষোভ উজাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সৰভোগৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্ষীয়ান চি পি আই (এম) নেতা হেমেন দাসে । কেন্দ্ৰীয় নিৰ্বাচন আয়োগে অসমত সমষ্টি পুন নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ খচৰা প্ৰকাশ কৰাৰ পাচতে সৰভোগ সমষ্টিৰ নাম বিলুপ্ত হোৱাৰ প্ৰস্তাৱক লৈ সৰভোগত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ক্ষেত্ৰত সৰভোগ সমষ্টিৰ বিভিন্ন দল-সংগঠন, তথা ব্যক্তিয়ে এই সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে ৷
সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, সৰভোগ সমষ্টি বিলুপ্ত কৰাটো সৰভোগৰ সমষ্টিৰ জনগণৰ লগতে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে সৰভোগ সমষ্টি পুনৰ গঠনৰ তীব্ৰ বিৰোধিতা কৰিছে । ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ গঠন কৰা কাৰ্য মুঠেও সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
পূৰ্বতেও এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা দোহাৰি আগন্তুক ২০২৬ চনত যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'বই ৷ সেয়ে এতিয়া ততাতৈয়াকৈ খচৰা প্ৰস্তুত কৰাৰ কোনো প্ৰয়োজন নাছিল বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷
ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লগলাগি নিৰ্বাচন আয়োগৰ জৰিয়তে সমষ্টি পুনৰ গঠন কৰা বুলি অভিযোগ তুলি এই কাৰ্যক কঠোৰভাৱে ধিক্কাৰ জনায় বিধায়কগৰাকীয়ে ৷ লগতে এই সমষ্টি পুনৰ গঠনে অসমৰ জনবিন্যাসত বিপুল প্ৰভাৱ পেলাব বুলিও কয় বিধায়ক তালুকদাৰে ৷
সৰভোগ সমষ্টি এটা ঐতিহ্যপূৰ্ণ সমষ্টি । স্বাধীনতা আন্দোলনত অংশ গ্ৰহণৰ মাজেদি বৰনগৰবাসীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজ দি প্ৰতিষ্ঠা কৰা এটা সমষ্টি সৰভোগ । এই সমষ্টি বিলুপ্ত কৰি ভৱানীপুৰ সমষ্টি নাম দি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে । বিজেপিয়ে নাম বিলুপ্তিৰ যি চক্ৰান্ত কৰিছে তাক যিকোনো প্ৰকাৰে ব্যৰ্থ কৰিবলৈ উঠিপৰি লাগিব ৷ এই ক্ষেত্ৰত সৰভোগৰ জনগণৰ পূৰ্ণ সমৰ্থন আশা কৰে সৰভোগৰ বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক: Constituency delimitation: আৰ এছ এছৰ নিৰ্দেশত কাম কৰিছে নিৰ্বাচন আয়োগে; জাকিৰ হুছেইন লস্কৰ
ঐতিহাসিকভাৱে পৰিচিত সৰভোগ সমষ্টি বিলুপ্তি কৰাৰ ক্ষেত্ৰত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিজেপি দলৰ ভয়ংকৰ চক্ৰান্ত থকা বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷
প্ৰতিবাদস্থলীত সৰভোগৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক তথা চি পি আই এমৰ বৰ্ষীয়ান নেতা হেমেন দাসেও উপস্থিত থাকি সৰভোগ সমষ্টিৰ নাম বিলুপ্ত কৰা কাৰ্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "এই দুষ্কাৰ্যৰ মই বিৰোধিতা কৰিছোঁ ।" আৰ এছ এছ আৰু বিজেপিয়ে কিয় এই কাম কৰিলে তাক ব্যাখ্যা কৰি বৰ্ষীয়ান নেতা হেমেন দাসে কয়, আৰ এছ এছ আৰু হিন্দু মহাসভাই ভাৰতৰ স্বাধীনতাৰ বিৰোধিতা কৰিছিল । ১৯৪২ চনৰ ২৭ আগষ্টত যেতিয়া বৰনগৰবাসীয়ে সৰভোগ থানা জ্বলাই দিছিল তেতিয়া আৰ এছ এছ আৰু হিন্দু মহাসভাই বৃটিছক সমৰ্থন কৰি বৃটিছৰাজ থাকক বুলি কৈছিল বুলিও উল্লেখ কৰে ৷
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় ৩ শতাধিক চিপিআই (এম) আৰু কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি "বিজেপি চৰকাৰ গ’ বেক", "অসম চৰকাৰ হায় হায়", " কেন্দ্ৰীয় চৰকাৰ হায় হায়", "সৰভোগ সমষ্টি বিলুপ্ত কৰা মানি লোৱা নহ'ব" আদি শ্ল'গান দি সৰভোগৰ আকাশ বতাহ উত্তাল কৰি তোলে ।