ETV Bharat / state

গো-সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে বৰপেটাত CPIM ৰ প্ৰতিবাদী সমদল

author img

By

Published : Sep 14, 2021, 8:36 PM IST

বৰপেটা চহৰত CPIM ৰ প্ৰতিবাদী কাৰ্যসূচী । গো-সুৰক্ষা বিধেয়ক বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃ্দ্ধি(Price hike) ৰোধৰ দাবীত প্ৰতিবাদত নামিল CPIMৰ কৰ্মকৰ্তাসকল । বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ ১০ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে দলটোৰ নেতৃত্বই ।

CPIM protest against cattle protection bill at Barpeta
গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে বৰপেটাত CPIMৰ প্ৰতিবাদী সমদল

বৰপেটা, ১৪ ছেপ্টেম্বৰ : মঙলবাৰে চিপিআইএমৰ পলিট ব্যুৰ'ৰ নিৰ্দেশ মৰ্মে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা, কয়াকুছি, পূৱ বৰপেটা সমিতিৰ কৰ্মকৰ্তাসকলে । গো-সুৰক্ষা বিধেয়ক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃ্দ্ধিৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহে দলটোৰ নেতা-কৰ্মীসকল । বৰপেটা চহৰৰ ৰাজপথেৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।

ৰাজ্যৰ থলুৱা কৃষক আৰু গো-পালকসকলক সমস্যাৰ মাজলৈ ঠেলি পঠোৱাৰ লগতে গো-মাংসৰ বজাৰখন পুঁজিপতিৰ হাতত অৰ্পণ কৰাৰ বাবে পৰিকল্পিতভাৱে অসমত গো-সুৰক্ষা বিধেয়কখন বিজেপিয়ে গ্ৰহণ কৰা বুলি অভিযোগ তোলে ৷ দৰিদ্ৰ কৃষক আৰু গো-পালকসকলৰ স্বাৰ্থত আঘাত হনা গো-সুৰক্ষা বিধেয়কখন বাতিলৰ দাবীত চিপিআইএমে বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ দুখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা পৰিয়ালসমূহক বিনামূলীয়া চাউলৰ লগতে দাইল, আটা, চেনী, নিমখ আদি যোগান ধৰা, লকডাউনত বিপৰ্যস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা আদিকে ধৰি ১০ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে বাওঁপন্থী দলটোৱে ৷

উল্লেখ্য যে, সাধাৰণ লোকক জুৰুলা কৰা এই মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন সময়ত ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । বাওঁপন্থী দলে পূৰ্বেও পেট্ৰ'ল-ডিজেলৰ লগতে অত্য়াৱশ্যকীয় খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী বিক্ষোভ প্ৰদৰ্শন কৰিছিল । দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সেয়ে, বিৰোধী দলবোৰে প্ৰতিবাদ অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক : ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সাংসদ গৌৰৱ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.