পাঠশালা, 8 মে’ : সমগ্ৰ ৰাজ্যতে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ সমান্তৰালকৈ বজালী জিলাতো 400ৰ ঘৰ অতিক্ৰম কৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যাই ৷ জিলাখনত গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে বিভিন্ন পন্থা হাতত লৈছে ৷ বন্ধ কৰা হৈছে সাপ্তাহিক বজাৰ ৷
ইয়াৰ মাজতে শনিবাৰে জিলাখনৰ পাঠশালাত দেখিবলৈ পোৱা গ’ল অন্য এক দৃশ্য ৷ পাঠশালৰ সাপ্তাহিক বজাৰত দেখা গ’ল গ্ৰাহক আৰু বিক্ৰতাৰ ভিৰ ৷ বজাৰত লোক সকলে মানি চলা নাই সামাজিক দূৰত্ব, বহুতকে দেখা গৈছে মাস্ক বিহীনভাৱে ঘূৰি ফুৰা ৷ পাঠশালাত শুকুৰবাৰৰ পৰা পশু বজাৰ, সাপ্তাহিক বজাৰ বন্ধৰ নিৰ্দেশ দিয়া হৈছিল যদিও একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে ব্যৱসায় ৷
লগতে পঢ়ক-কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী: দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক