বৰপেটা,১৮ এপ্ৰিলঃ বৰপেটা জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ বৰপেটাত ক’ভিড আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে শতকৰ ঘৰ ৷ দেওবাৰৰ দিনটোলৈকে বৰপেটাত কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধি পালে ৷ ইপিনে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ ৷
জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জাৰি কৰা নিৰ্দেশনা অনুসৰি ৮ মে' পৰ্যন্ত পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয় ৷ এই নিয়ম চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব । ছাত্ৰ-ছাত্ৰীসকলক অনলাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে । আনহাতে,ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ নিয়মীয়া পাঠদান অব্যাহত থাকিলেও শিক্ষানুষ্ঠানসমূহে কঠোৰভাৱে ক’ভিড নিয়মাৱলী মানি চলিব লাগিব ৷
লগতে পঢ়ক : নিমুৱাত সামৰণি পৰিল বিষুৱা উৎসৱৰ