ETV Bharat / state

বজালীত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ

author img

By

Published : Aug 13, 2021, 5:37 PM IST

বজালী(Bajali) জিলাত এসপ্তাহৰ ভিতৰতে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক'ভিড-১৯(Covid-19)ত আক্ৰান্তৰ সংখ্যা । বুধবাৰৰ দিনটোত জিলাখনত ৫১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । বুধবাৰে আক্রান্ত হোৱা লোকসকলৰ ভিতৰত আছে ৯-১০ বছৰীয়া শিশু ।

Bajali covid situation
বজালীত বুধবাৰৰ দিনটোত ৫১ গৰাকী কৰ'ণাত আক্ৰান্ত

পাঠশালা, ১৩ আগষ্ট : অসমৰ কেইখনমান জিলাত এতিয়াও কৰ'ণা(CORONA)ৰ সংক্ৰমণ বৃদ্ধি হৈ আছে । সেয়ে, জিলা বিশেষে সান্ধ্য আইন(Curfew) বলৱতৰ সময় সীমাও পৃথক পৃথককৈ নিৰ্ধাৰণ কৰা হৈছে । কিন্তু বৰ্তমান সামগ্ৰিকভাৱে ক'ভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱা বাবে ৰাজ্যত সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত শিথিলতা অহাৰ পাছতে এসপ্তাহৰ ভিতৰতে বজালী জিলাত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে ।

বজালী জিলাৰ নগৰ অঞ্চলৰ লগতে গ্ৰামাঞ্চলতো বাঢ়িছে ক'ভিড ৰোগী(Covid patient)ৰ সংখ্যা । বুধবাৰৰ দিনটোত জিলাখনত ৫১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । সোমবাৰে বজালী জিলাত ৩৪ গৰাকী, মঙলবাৰে ২৭ গৰাকী লোক মহামাৰীৰ কবলত পৰে । জিলাখনৰ নিজ সৰিহ, পাঠশালা, দৈশিংগৰী, ঘটবৰ, ডুমুৰীয়াত আক্রান্ত সংখ্যা সৰ্বাধিক ।

বুধবাৰে আক্রান্ত হোৱা লোকসকলৰ ভিতৰত ৯-১০ বছৰীয়া শিশুও আছে । এনেদৰে ক্ৰমান্বয়ে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ চিকিৎসকসকল চিন্তিত হৈ পৰিছে । লগতে সকলোকে সাৱধনতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে ।

আনহাতে, জিলাখনৰ বিভিন্ন বজাৰত সামাজিক দূৰত্বৰ চিন-চাব নোহোৱা হৈছে আৰু মাস্ক পৰিধান নকৰাকৈয়ে বহু লোকে বজাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে । কেৱল এয়াই নহয়, সান্ধ্য আইন বলৱৎ হৈ থকা সময়তো গ্ৰামাঞ্চলত নিশা বহু সময়লৈকে দোকান-পোহাৰ খোলা থকা দেখা গৈছে । ইফালে, খেলপথাৰতো বহু লোকে একত্ৰিত হৈ খেল-ধেমালি কৰে । একেটা স্থানতে এনেদৰে বহু লোক একত্ৰিত হোৱাৰ ফলত কৰ'ণাৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায় ।

লগতে পঢ়ক:কোকৰাঝাৰত ২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.