জনিয়া,7 মে’ঃ বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত দক্ষিণ ৰূপসী সমবায় সমিতিত চাউল বিতৰণত সংঘটিত ব্যাপক কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন আঁচনিৰ অন্তৰ্গত প্ৰতিগৰাকী হিতাধিকাৰীৰ ৷ অঞ্চলটোৰ অধিকাংশ সুলভ মূল্যৰ ব্যৱসায়ীয়ে নিয়মিত মাহেকীয়া চাউল বিতৰণৰ লগতে চৰকাৰে শেহতীয়া পৰিস্থিতিৰ বাবে প্ৰদান কৰা বিনামূলীয়া চাউল বিতৰণতো সংঘটিত কৰিছে লুণ্ঠন । শেহতীয়াকৈ এই লুণ্ঠন সন্দৰ্ভত নাম সাঙোৰ খাইছে গুনিয়ালগুৰি গাঁৱৰ আফছাৰ আলী আৰু ৰজব আলী নামৰ দুই সুলভ মূল্যৰ ব্যৱসায়ীৰ ।
উল্লেখ্য যে, লক্ ডাউনৰ ফলত উদ্ভৱ হোৱা খাদ্য সংকটৰ বাবে চৰকাৰে বিনামূলীয়াকৈ চাউল হিতাধিকাৰীৰ মাজত বিতৰণ কৰিছে । কিন্তু কলগাছিয়াৰ উক্ত ব্যৱসায়ী দুজনে প্ৰতিজন হিতাধিকাৰীক নিৰ্দিষ্ট পৰিমাণতকৈ কম পৰিমাণৰ চাউল বিতৰণ কৰে ৷ দুয়োখন দোকানতে চাউল কমকৈ বিতৰণ কৰাৰ প্ৰমাণ ইতিমধ্যে সংবাদমাধ্যমৰ কেমেৰাত আবদ্ধ হৈছে ৷ বিতৰ্কিত সুলভ মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আফছাৰ আলীয়ে ঘটনাৰ সত্যতা স্বীকাৰ কৰাৰ বিপৰীতে ৰজব আলীয়ে সাংবাদিক দেখি পলায়ন কৰে । দুয়োগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে চাওকঃ অসমত পুনৰ COVID-19ত আক্ৰান্ত এজন !