ETV Bharat / state

শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 30, 2020, 6:28 PM IST

ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হকে ৷ কাৰ্যালয়টোৰ পৰিসংখ্যা সহায়ক বিজয় কুমাৰ ৰাউটৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

Corruption of Rupshi ICDS Project jania barpeta assam etv bharat news
ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়

জনিয়া,30 জুন: বৰপেটা জিলাৰ ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে ৷ কাৰ্যালয়টোৰ পৰিসংখ্যা সহায়ক বিজয় কুমাৰ ৰাউটৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ উত্থাপিত অভিযোগ মৰ্মে, দেশত চলি থকা লক ডাউনৰ হাহাকাৰময় পৰিস্থিতিৰ সময়তে বিষয়াগৰাকীয়ে কাৰ্যালয়টোৰ অন্তৰ্গত প্ৰতিটো কেন্দ্ৰৰে ভুৱা তালিকা প্ৰস্তুত কৰি লক্ষাধিক টকা আত্মসাৎ কৰে ৷

ৰূপসী শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি সংঘটিতৰ অভিযোগ

উক্ত দুৰ্নীতি সংঘটিত হোৱাৰ সন্দৰ্ভত বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হকে উপায়ুক্তৰ ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে লিখিত অভিযোগ দাখিল কৰে । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণৰ পোষকতা কৰা স্বত্বেও এচাম চৰকাৰী বিষয়াই লিপ্ত হৈছে দুৰ্নীতিত ৷ জিলা পৰিষদৰ উপ-সভাপতি গৰাকীয়ে ইতিমধ্যে সংশ্লিষ্ট বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু সমাজ কল্যাণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিব এক পত্ৰ ৷ ইয়াৰ পিছতো যদি বিষয়া গৰাকীৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আইনৰ কাষ চাপিব জিলা পৰিষদৰ সভাপতি গৰাকীয়ে ।

লগতে চাওকঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.