ETV Bharat / state

পাঠ্যপুথি যোগান আৰু মধ্যাহ্ন ভোজনৰ নামত বৰপেটাত ব্যাপক দুৰ্নীতি - শিক্ষয়িত্ৰী

দুৰ্নীতিগ্ৰস্ত শিক্ষয়িত্ৰী মমতাজ বেগমক বিদ্যালয়খনৰ পৰা শাস্তিমূলক বদলিৰ আহ্বান জনাইছে অভিভাৱকে ৷

Corruption of Book Distribution
পাঠ্যপুথি যোগান আৰু মধ্যাহ্ন ভোজনৰ নামত বৰপেটাত ব্যাপক দুৰ্নীতি
author img

By

Published : Jan 22, 2020, 7:35 PM IST

Updated : Jan 22, 2020, 11:55 PM IST

বৰপেটা, 22 জানুৱাৰী : বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 279 নম্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমে নতুন বৰ্ষৰ 21 দিন অতিক্ৰম কৰাৰ পাছতো দুই-এখন কিতাপ দিয়াৰ বাহিৰে যোগান ধৰা নাই সম্পূৰ্ণ কিতাপ ৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে সদৰি কৰা অনুসৰি বিদ্যালয়খনৰ শিক্ষয়িত্ৰী মমতাজ বেগমে সপ্তাহত মাত্ৰ দুই-তিনিদিন বিদ্যালয়ত আহে আৰু প্ৰায় দুই ঘন্টা বিদ্যালয়ত উপস্থিত থাকিয়েই সম্পূৰ্ণ দৰমহা আদায় লৈ আছে ৷

পাঠ্যপুথি যোগান আৰু মধ্যাহ্ন ভোজনৰ নামত বৰপেটাত ব্যাপক দুৰ্নীতি

আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন দিয়াৰ নামতো প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ব্যাপক খেলিমেলি সংঘটিত কৰা অভিযোগ কৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ অভিভাৱকে ৷ অভিভাৱকসকলে সদৰি কৰা অনুসৰি চৰকাৰী বিষয়া আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি এছাহাক আলীক মেনেজ কৰি মমতাজ হুছেইনে নিজৰ খিয়াল খুচি মতে চলাই গৈছে বিদ্যালয় । দুৰ্নীতিগ্ৰস্ত শিক্ষয়িত্ৰী মমতাজ বেগমক বিদ্যালয়খনৰ পৰা শাস্তিমূলক বদলিৰ আহ্বান জনাইছে অভিভাৱ সকলে ৷

লগতে পঢ়ক.....

প্লাষ্টিকৰ বিৰুদ্ধে বিজয়ৱাড়াৰ কনকা দূৰ্গা ইন্দ্ৰকীলাদ্ৰি মন্দিৰ কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশাৱলী

Intro:slug: as_jania_22jan_corruption_of_book_distribution_vis2+byt4+pho1_story_asc10058

Anchor: বৰপেটা শিক্ষা বিভাগে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ খেলিছে চৰম হেতালী। ২৭৯ নং ছনপুৰা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক আজিকোপতি যোগান ধৰা নাই সম্পূৰ্ন কিতাপ।Body:slug: as_jania_22jan_corruption_of_book_distribution_vis2+byt4+pho1_story_asc10058

VO: বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী যাব লাগে গৈছে, ঘৰত আহিব লাগে আহিছে। বিদ্যালয়ত গৈ হাই-ওলমি কৰি গুচি অহাৰ বাদে উপায়ো নাই নিস্পাপ শিশু ছাত্ৰ-ছাত্ৰী সকলৰ। বৰপেটা জিলাৰ মন্দিয়া খণ্ড শিক্ষাৰ অন্তৰ্গত ২৭৯ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমৰ মইমতালিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস হৈ আহিছে। বাতৰি যুগুত কৰা দিনলৈকে ছাত্ৰ-ছাত্ৰীক দুই-এখনকৈ কিতাপ দিয়াৰ বাদে যোগান ধৰা নাই সম্পূৰ্ন কিতাপ। শিক্ষয়িত্ৰী মমতাজে সপ্তাহত মাত্ৰ দুই-তিনিদিন বিদ্যালয়ত আহে আৰু দেৰ-দুই ঘন্টামান উপস্থিত থাকিয়েই দৰমহা সৰকাব পাৰিছে এইয়া বৰ্তমান ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে। একাংশ ৰাইজৰ মতে দৰমহাৰ কিছু পৰিমাণে বিষয়া মেনেজ কৰি আৰু ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন নিদিয়াকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি এছাহাক আলীক মেনেজ কৰি নিজৰ খিয়াল-খুচি মতে বিদ্যালয় চলাই গৈছে প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগমে। নৱবৰ্ষৰ জানুৱাৰী মাহত বিদ্যালয়ত চৌকা জ্বলোৱা হোৱা নাই। ইয়াৰ পূৰ্বেও মমতাজ বেগমে বিদ্যালয়ৰ দায়িত্ব পালনত খামখেয়ালি সন্দৰ্ভত বিস্তৃতভাৱে বাতৰি প্ৰকাশ হৈছিল যদিও তেওঁ তিল পৰিমানৰো পৰিবৰ্তন হোৱা নাই। বৰপেটা শিক্ষা বিভাগৰ এই অবহেলাই সম্প্ৰতি শৈক্ষিক মহলক চিন্তিত কৰি তুলিছে। গৰিব-দুখীয়া মানুহৰ ল'ৰা-ছোৱালীৰ হকে বৰপেটা জিলা উপায়ুক্তৰ কৃপাৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে। দূৰ্নীতি গ্ৰস্ত শিক্ষয়িত্ৰী মমতাজ বেগমক বিদ্যালয় খনৰ পৰা শাস্তি মূলক বদলি কামনা কৰিছে অভিভাৱক ৰাইজে। Conclusion:slug: as_jania_22jan_corruption_of_book_distribution_vis2+byt4+pho1_story_asc10058

Byte: প্ৰধান শিক্ষয়িত্ৰী মমতাজ বেগম, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু পৰিচালনা সমিতিৰ সভাপতি।

জনীয়াৰ পৰা স্বফিকুল হাছান ই টিভি ভাৰত অসম।
Last Updated : Jan 22, 2020, 11:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.