ETV Bharat / state

বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰী

বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰি হোৱা বুলি অভিযোগ তুলিচে একাংশ ৰাইজে ৷ অতি শীঘ্ৰে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

Corruption in Saswa Bharat Asoni At Barpeta
বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰীৰ অভিযোগ
author img

By

Published : Aug 16, 2020, 6:23 PM IST

বৰপেটা, ১৬ আগষ্টঃ বৰপেটাত চৰকাৰৰ অনাময় শৌচাগাৰ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ শৌচাগাৰ নিৰ্মাণ নকৰাকৈয়ে বৰপেটাত একাংশ এন জি অ'ই ধন উলিয়াই নিয়া বুলি গুৰুতৰ অভিযোগ কৰে ৷ তাৰোপৰি এই কেলেংকাৰীৰ সৈতে উপায়ুক্ত, কাৰ্যবাহী অভিযন্তাও জড়িত থকা বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

বৰপেটাত জনস্বাস্থ্য কাৰিকৰী বিভাগত বৃহৎ কেলেংকাৰীৰ অভিযোগ

উল্লেখ্য যে স্বচ্ছ ভাৰত মিছনৰ জড়িয়তে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিটো দুখীয়া পৰিয়ালত একোটা শৌচাগাৰ নিৰ্মাণৰ আঁচনি গ্ৰহন কৰিছিল চৰকাৰে ৷ সেই মৰ্মে বৰপেটা জিলাতো দুখিয়া দৰিদ্ৰ লোক সকলৰ বাবে অনাময় আঁচনিৰ জড়িয়তে শৌচাগাৰ নিৰ্মাণৰ বাবে চৰকাৰে ব্য়ৱস্থা গ্ৰহণ কৰিছিল ৷

ইফালে বৰপেটা জিলাত শৌচাগাৰ নিৰ্মাণৰ নামত একাংশ এনজিঅই ব্যাপক লুন্ঠন কৰা বুলি অভিযোগ কৰে ৰাইজে ৷ জিলা খনত এতিয়া বহু লোকে এই আঁচনিৰ শৌচালয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে হিতাধিকাৰী সকলে এই আঁচনিৰ শৌচাগাৰ নোপোৱা কৈয়ে একাংশ অসাধু লোকে শৌচালয়ৰ নামত অহা ধন আত্মসাৎ কৰা বুলি অভিযোগ কৰে ৷ উক্ত ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে একাংশ সচেতন মহলে ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক- মটঙা নৈৰ দলঙত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.