ETV Bharat / state

দলং মেৰামতিত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ - অনিয়ম

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়তত কাঠৰ দলং (Bridge) নিৰ্মাণত ব্যাপক দুৰ্নীতি (corruption)ৰ অভিযোগ ৷ দলং মেৰামতিৰ নামত আৱণ্টন হোৱা ধন গাঁও পঞ্চায়তৰ সভাপতি, ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

corruption-in-bridge-repairing-at-mandia
দলং মেৰামতিত অনিয়মৰ অভিযোগ
author img

By

Published : Aug 6, 2021, 12:56 PM IST

জনীয়া,6 আগষ্ট : 9 লাখ টকীয়া এখন দলং (Bridge) মেৰামতিৰ বাবে 7 লাখ টকা আৱন্টন পোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলঙৰ ৰেলিং । মেৰামতিৰ 5 বছৰ পাচতেই জহি-খহি গৈছে দলংখনৰ কাঠ। দৰঙৰ ওপৰেৰে মটৰ চাইকেল পাৰ হ’লেই হালি পৰে দলংখন ।

এই দলংখন হৈছে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়তৰ 3 নং খণ্ডৰ মৰা বেঁকী নৈৰ ওপৰত থকা এখন কাঠৰ দলং । প্ৰাপ্ত তথ্য অনুসৰি, উক্ত কাঠৰ দলং নিৰ্মাণৰ বাবে তেতিয়াৰ বৰপেটাৰ সাংসদ চিৰাজ উদ্দিন আজমল (Siraj Uddin Ajmal)য়ে আৱণ্টন দিয়া 9 লাখ টকাৰে দলংখন নিৰ্মাণ কৰা হৈছিল ।

দলং মেৰামতিত অনিয়মৰ অভিযোগ

লগতে পঢ়ক : সাপ-ভেকুলীৰ আশ্ৰয়স্থললৈ পৰ্যবসিত ৰুবিৰভিটা উপ স্বাস্থ্যকেন্দ্ৰ

কিন্তু সেই একেখন দলং মেৰামতিৰ বাবে জনতা গাঁও পঞ্চায়তৰ সভাপতি হাবিল খানে চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ পৰা 7 লাখ টকা আৱণ্টন দিয়ে ৷ ইয়াৰ পাচতে ঠিকাদাৰে দলংখনৰ কেৱল নামমাত্ৰ কাম কৰি সমূদায় টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

দলং মেৰামতিৰ নামত সভাপতি হাবিল খানেও ব্যাপক দুৰ্নীতি (Corruption) সংঘটিত কৰা বুলি অভিযোগ তুলিছে ৰাইজে ৷ এই দুৰ্নীতিৰ তদন্ত কৰি সভাপতি হাবিল খান আৰু দলঙৰ কামত জড়িত থকা অভিযন্তা, ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে । লগতে শীঘ্ৰেই কাঠৰ দলঙৰ পৰিৱৰ্তে পকী দলং নিৰ্মাণৰো দাবী জনাইছে ৷

লগতে পঢ়ক : পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.