ETV Bharat / state

কলগাছিয়াত কালভাৰ্ট নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 17, 2021, 1:52 PM IST

কলগাছিয়াৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আদিপপুৰ গাঁৱত কালভাৰ্ট নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । দুবছৰতো সম্পন্ন নহ’ল কালভাৰ্ট নিৰ্মাণৰ কাম । সভানেত্ৰী ৰেহেনা খাতুনৰ বিৰুদ্ধে ৰাইজৰ তীব্র প্ৰতিবাদ ।

Corruption allegations in culvert construction work in Kalgachia
কলগাছিয়াত কালভাৰ্ট নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ

জনীয়া, 17 জুন : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৪ নং তাপেশ্বৰা গাঁও পঞ্চায়তত সম্প্ৰতি চলি থকা ব্যাপক দুৰ্নীতিয়ে ৰাইজৰ চকু কপালত তুলিছে । শেহতীয়াভাৱে পঞ্চায়তটোত কালভাৰ্ট নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুন আৰু পঞ্চায়ত সদস্য নজৰুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই দুৰ্নীতিৰ অভিযোগ ।

অভিযোগ অনুসৰি, গাঁৱখনৰ তিনি নং ৱাৰ্ডত পঞ্চায়ত সভানেত্ৰীয়ে কোনো ফলক নলগোৱাকৈ নিয়ম বহিৰ্ভূতভাৱে এটা কালভাৰ্ট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল যদিও দুবছৰতো সম্পন্ন নহল কালভাৰ্টৰ কাম । কালভাৰ্টটো অৰ্ধ নিৰ্মিত অৱস্থাত থৈ অধিকাংশ টকা আত্মসাৎ কৰাৰ ফলত পথাৰৰ মাজত বোকা পানী গচকি যাতায়ত কৰিবলগা হৈছে স্থানীয় ৰাইজে । যাৰ বাবে ৰাইজে পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে । এতিয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত উক্ত কামৰ দুৰ্নীতিৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: নিপুন হাতেৰে বাঁহ-কাঠক ন-ৰূপ দিছে ফনীন্দ্ৰ ৰায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.