দলগাঁও,20 ফেব্ৰুৱাৰী: ২০১৬ বৰ্ষতে দৰঙৰ নিজ খাৰুপেটিয়াত আধাৰশিলা স্থাপন কৰা ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰণ ভঁৰাল গৃহটো শুকুৰবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় কৃষকৰ বাবে । কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, কেন্দ্ৰীয় ৰাজ্যিক খাদ্য সংসাধন উদোগ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত দৰং জিলাৰ খাৰুপেটীয়াত নাৰ্বাডৰ বিত্তীয় সাহাৰ্যত অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ এই ভঁৰালগৃহ ৷
অসম ৰাজ্যিক কৃষি-সামগ্ৰী বিপণন পৰিষদৰ দ্বাৰা নিৰ্মিত ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৰণ ভঁৰালটো শুকুৰবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত কৃষক ৰাইজৰ সেৱাত উৎসৰ্গা কৰে ৷ মঙলদৈ বিধান সভা সমষ্টি বিধায়ক গুৰুজ্যোতি দাসে শীতলীকৰণ ভঁৰালটো ফিতা কাটি কৃষক ৰাইজৰ বাবে শুভ উদ্বোধন কৰে ।
উল্লেখ্য যে, দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ২০১৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ তদানীন্তন কৃষি, পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনে মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মীন, জলসম্পদ, ও অনুসূচিত জাতি উন্নয়ন পৰিষদৰ মন্ত্ৰী বসন্ত দাস, দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী, কৃষি বিপনন পৰিষদৰ অধ্যক্ষ মেম্বৰ গগৈ, দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ সভাপতি মইনুদ্দিন আহমেদৰ উপস্থিতত খাৰুপেটিয়াৰ নিকটৱৰ্তী দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনস্থ মঙলদৈ সমষ্টিৰ নিজ খাৰুপেটিয়াত ২৪.৮৮.৪৫ লাখ টকা ব্যয় সাপেক্ষ ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন শীতলীকৃত ভঁৰাল ঘৰৰ আধাৰ শিলা স্থাপন কৰে ।
আধাৰশিলা স্থাপনৰ পিছত উক্ত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হয় শীতলীকৰণ ভঁৰালগৃহ নিৰ্মাণৰ কাম । ২০১৬ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা নিৰ্মাণৰ কাম ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত সমাপ্ত কৰাৰ বাবে চৰকাৰে ঠিকাদাৰক সময়সীমা বান্ধি দিছিল যদিও নিৰ্ধাৰিত সময়ত মুকলি নকৰা শীতলীকৰণ ভঁৰালটো নিৰ্বাচনৰ প্ৰাকক্ষণত কৃষকৰ বাবে মুকলি কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে ।