ETV Bharat / state

ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম - Kehab Mahanta

ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম (Construction of 24 medical colleges continues in Assam)৷ অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ’ব ৷ ৰাজ্যত নিৰ্মাণ হ’ব পুনৰ ৬ খন চুপাৰ স্পেচিয়েলিটী হস্পিতাল ৷

ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম

author img

By

Published : Apr 7, 2022, 8:57 PM IST

বৰপেটা, 7 এপ্ৰিল: ৰাজ্যখনত স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়নৰ বাবে অব্যাহত আছে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা ৷ অসমক উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ এচিয়াৰ স্বাস্থ্যখণ্ডৰ মুল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ আঁচনি গ্ৰহণ কৰিছে ৷

ইপিনে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে জাপানৰ জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা সহযোগিতা লাভ কৰিছে ৷ বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰিলে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৰ কথা ৷

ৰাজ্যত অব্যাহত আছে ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ কাম

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে, স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা অসমে লাভ কৰিব 3,800 কোটি টকা ৷ লগতে তেওঁ কয় যে, জাইকাৰ সহযোগত ৰাজ্যত পুনৰ 6 খন চুপাৰ স্পেচিয়েলিটী হস্পিতাল নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, শিলচৰত নতুনকৈ নিৰ্মাণ হ’ব চুপাৰ স্পেচিয়েলিটী হস্পিতাল ৷ ইতিমধ্যে গুৱাহাটী আৰু ডিব্ৰুগড়ত নিৰ্মাণ হৈছে দুখনকৈ চুপাৰ স্পেচিয়েলিটী হস্পিতাল ৷

ৰাজ্যত 24 খন মেডিকেল কলেজ স্থাপনৰ কাম কাজ চলি থকা বুলি উল্লেখ কৰি অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই (Construction of 24 medical colleges continues in Assam) ৷ ৰাজ্যত এই 24 খন মেডিকেল কলেজ সম্পূৰ্ণ হৈ উঠিলে অসমে বছৰি 3 হেজাৰজন চিকিৎসক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : শ্ৰীলংকাৰ দিশে আগবাঢ়িছে ভাৰতৰ অৰ্থনীতি: অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.