ETV Bharat / state

জাকিৰ হুছেইনৰ প্ৰচাৰ সভা নহয়, এয়া বিজয় উৎসৱহে: ৰিপুণ বৰা

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰে পুনৰ প্ৰমাণ কৰিলে নিজৰ জনপ্ৰিয়তা ৷ 40 হাজাৰৰো অধিক সমৰ্থকৰ উপস্থিতিত কয়াকুছিত বিশাল জনসভা ৷ ৰিপুণ বৰাৰ মন্তব্য, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এয়া জাকিৰ হুছেইনৰ বিজয় উৎসৱ ৷

author img

By

Published : Apr 3, 2021, 9:27 AM IST

জাকিৰ হুছেইনৰ প্ৰচাৰ সভা নহয়, এয়া বিজয় উৎসৱহে: ৰিপুণ বৰা
জাকিৰ হুছেইনৰ প্ৰচাৰ সভা নহয়, এয়া বিজয় উৎসৱহে: ৰিপুণ বৰা

কয়াকুছি,3 এপ্ৰিল: ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ ৰাজনীতি ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক জাকিৰ হুছেইনৰ বিশাল নিৰ্বাচনী সভা ৷ প্ৰায় ৪০ হাজাৰোধিক কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত জাকিৰ হুছেইন শিকদাৰৰ বিশাল নিৰ্বাচনী জনসভাখনত প্ৰিয়ংকা গান্ধী উপস্থিত থকাৰ কথা আছিল যদিও প্ৰিয়ংকা গান্ধীৰ স্বামী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবেই হোম আইশ্ব'লেছনত থকা প্ৰিয়ংকাই অৱশেষত অসমৰ সকলো কাৰ্যসূচী বাতিল কৰে ৷ অৱশ্যে সৰুক্ষেত্ৰীৰ ৰাইজক উদ্দেশ্যি প্ৰিয়ংকা গান্ধীয়ে পঠোৱা এটা ভিডিঅ’ৰ জৰিয়তে নিৰ্বাচনী জনসভাখনত জাকিৰ হুছেইন শিকদাৰক ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, এআইচিচিৰ নেতা জিতেন্দ্ৰ সিং, ভূপেশ ৱাঘেল, ছাকিল আহমেদৰ লগতে সাংসদ আব্দুল খালেক, সুশান্ত বৰগোহাঁই আদিকে ধৰি প্ৰায় এক ডজন নেতাই সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰক ভোটদানৰ বাবে আহ্বান জনায় ৷ জনসভাখনত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ভাষণ আৰম্ভ কৰে "খেলা খেলা খেলা হ’ব" শ্লোগানেৰে ৷ ৰিপুণ বৰাই ভাষণ প্ৰসংগত কয় যে, ২ মে’ত অসমত কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ হ’ব ৷ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ খেলা হৈ গ'ল ৷ কংগ্ৰেছে দ্বিতীয় পৰ্যায়ত ৩৯ আসনৰ ভিতৰত ৩০ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে ৰিপুণ বৰাই ৷

সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে, সৰুক্ষেত্ৰীত জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভা নহয়, এয়া জাকিৰ হুছেইনৰ বিজয় উৎসৱ ৷ ৰাইজৰ অংশগ্ৰহণে প্ৰমাণ কৰে যে, ৬ এপ্ৰিলত জাকিৰ হুছেইনৰ জয় নিশ্চিত ৷ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰা বুলি দাবী ৰিপুণ বৰাৰ ৷ আনকি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত পোৱা আসনসমূহ কংগ্ৰেছৰ বাবে বোনাছ বুলি অভিহিত কৰে ৰিপুণ বৰাই ৷ ইপিনে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ২০১৬ চনত ঘটা ইতিহাসৰ পুনৰাবৃত্তি ঘটিব বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷ ৰিপুণ বৰাৰ মন্তব্য, ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এখনো আসন লাভ নকৰিবও পাৰে বিজেপিয়ে ৷

ইপিনে সৰুক্ষেত্ৰীৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ মন্ত্ৰী হোৱাৰ বাবে সকলো ফালৰ পৰাই যোগ্য বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷ ইপিনে কৰ’ণাৰ বাবে অসম ভ্ৰমণ বাতিল কৰাটো প্ৰিয়ংকা গান্ধীৰ ভাল পদক্ষেপ বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ প্ৰিয়ংকা অসমলৈ আহিব পাৰিলেহেঁতেন যদিও অসমৰ মানুহৰ মংগল কামনা কৰিয়েই সকলো ভ্ৰমণসূচী বাতিলৰ সিদ্ধান্ত লৈছে, সেয়েহে প্ৰিয়কাৰ ভ্ৰমণসূচী বাতিলক লৈ ইছ্যু কৰিবলগীয়া একো নাই আৰু সৰুক্ষেত্ৰীৰ ৰাইজে ইতিমধ্যে কোনগৰাকী প্ৰাৰ্থীক ভোট দিব সেই সিদ্ধান্ত গ্ৰহণ কৰিছেই বুলিও মন্তব্য কৰে ৰিপুণ বৰাই ৷

লগতে পঢ়ক: পত্নীক হত্যা কৰি আত্মঘাতী হ‘ল স্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.