ETV Bharat / state

হিমন্ত-নৰেন্দ্ৰ মোডী থাকিলে অসম কংগ্ৰেছ মুক্ত হ’ব : ৰঞ্জিত দাস

কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয় আৰু কেইবাজনো বিধায়ক বিজেপিলৈ আহি আছে ৷ মাত্ৰ বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত হে মুকলিকৈ আহিব খোজা নাই তেওঁলোক ৷ পাঠশালাত এই মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷

MINISTER RANJI DAS VISITED PATHASARKUSHI
হিমন্ত-নৰেন্দ্ৰ মোডী থাকিলে অসম কংগ্ৰেছ মুক্ত হ’ব: ৰঞ্জিত দাস
author img

By

Published : Jun 19, 2021, 10:34 PM IST

পাঠশালা,19 জুন : দেশত মহামাৰী ক’ৰণাই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অসমটো ক’ভিড পৰিস্থিতি জটিল হৈ পৰিছিল ৷ সম্প্ৰতি অসমত ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰাত কিছু স্বস্তিৰ নিশ্বাস লৈছে সাধাৰণ জনতাই ৷ তাৰমাজতে শনিবাৰে ক’ভিডকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পাটাছাৰকুছি সমষ্টিৰ পৰিয়াল সমূহৰ বাসগৃহত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা অসমৰ যোগান আৰু পঞ্চায়ত ও গ্ৰামন্নোয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ৷ দুৰ্ভগীয়া পৰিয়াল সকলৰ বাসগৃহত উপস্থিত হৈ মৃত ব্যক্তিসকলৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰাৰ লগতে পৰিয়াল কেইটা সমবেদনা জ্ঞাপন কৰে ৷

তাৰ পাচতে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয় যে, যদি নৰেন্দ্ৰ মোডী আৰু হিমন্ত বিশ্ব শৰ্মা থাকে অসম কংগ্ৰেছ মুক্ত বুথ হ'ব ৷ ইপিনে শেহতীয়াকৈ কংগ্ৰেছ দলৰ বিধায়ক তথা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিজেপি গমনৰ প্ৰসংগত কয় যে, কেৱল ৰূপজ্যোতি কুৰ্মীয়ে নহয় আৰু কেইবাজনো বিধায়ক বিজেপিলৈ আহি আছে ৷ মাত্ৰ বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত হে মুকলিকৈ আহিব খোজা নাই তেওঁলোক ৷

হিমন্ত-নৰেন্দ্ৰ মোডী থাকিলে অসম কংগ্ৰেছ মুক্ত হ’ব: ৰঞ্জিত দাস

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, বিজেপি দলে মৰ্যদাপূৰ্ণ স্থান প্ৰদান কৰিছে সোণোৱালক ৷

উল্লেখযোগ্য যে, অতি শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধি সকলক ২১ মাহৰ মাননী মুকলি কৰি দিয়াৰ কথাও সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে যি সকল মধ্যভোগীয়ে ৰাজ্যত অসাধু কাৰ্যৰ জৰিয়তে মূল্য বৃদ্ধি কৰি আহিছে তেওঁলোককে কঠোৰ সকীয়নি প্ৰদান কৰে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷

মনকৰিবলগীয়া যে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্তৰ হাৰ হৈছে ২.২১ শতাংশ । মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে । শনিবাৰৰ দিনটোত Covid-19ৰ বাবে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হৈছে ৪০ গৰাকী আক্ৰান্তই । সম্প্ৰতি ৰাজ্যখনত ক’ভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ হৈছে ৯১.৭৭ শতাংশ । একেদৰে শনিবাৰে কামৰূপ মহানগৰ জিলাত ১৯৯ গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷

লগতে পঢ়কঃ ধিং এক্সপ্ৰেছ হিমা দাসৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ হ’ল নে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.