ETV Bharat / state

বৰপেটাৰ ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছীৰ তলা - সাংসদ আব্দুল খালেক

সাংসদ আব্দুল খালেকৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটাত ৷ জিলাখনৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে লগালে তলা ৷ সাংসদ আব্দুল খালেকে আঁঠু কাঢ়ি ক্ষমা নিবিচৰা পৰ্যন্ত ৰাজীৱ ভৱন বন্ধ কৰি ৰখা হ'ব বুলি হুংকাৰ কংগ্ৰেছ কৰ্মীৰ ৷

বৰপেটাৰ ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছীয়ে লগালে তলা

author img

By

Published : Mar 20, 2021, 10:31 PM IST

বৰপেটা,২০ মাৰ্চ: বৰপেটাত সাংসদ আব্দুল খালেকৰ মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ বৰপেটাৰ ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে লগালে তলা ৷ কংগ্ৰেছৰ অভিধানত অ-মুছলমানৰ অৰ্থ বিচাৰি বৰপেটা ৰাজীৱ ভৱনত তলা বন্ধ কৰি কংগ্ৰেছ নেতা-কৰ্মীয়ে শনিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

বৰপেটাৰ ৰাজীৱ ভৱনত ক্ষুব্ধ কংগ্ৰেছীয়ে লগালে তলা

উল্লেখ্য যে, বৰপেটা সদৰ সমষ্টিত অ-মুছলমান প্ৰাৰ্থীক টিকট দিয়া নহ'ব বুলি মন্তব্য কৰিছিল সাংসদ আব্দুল খালেকে ৷ সাংসদ গৰাকীৰ উক্ত মন্তব্যই কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাক নস্যাৎ কৰা বুলি মন্তব্য কৰি দলীয় কৰ্মীসকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সাংসদ গৰাকীৰ মুছলমান-অমুছলমান প্ৰসংগই বহু জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ অন্তৰত দুখ দিয়া বুলি মন্তব্য কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷ সাংসদ গৰাকীয়ে অ-মুছলমান বুলি কৰা মন্তব্যৰ পিচতে বহু কংগ্ৰেছ কৰ্মীয়ে চকুপানী টুকিছে বুলিও মন্তব্য কৰে কংগ্ৰেছী কৰ্মীসকলে ৷ খালেকৰ এই মন্তব্যত কংগ্ৰেছ কৰ্মীসকল ক্ষোভিত হৈ বন্ধ কৰি দিয়ে বৰপেটাৰ ৰাজীৱ ভৱন ৷

কংগ্ৰেছ কৰ্মী সকলৰ মন্তব্য, সাংসদ আব্দুল খালেকে আঁঠু কাঢ়ি ক্ষমা নিবিচৰা পৰ্যন্ত ৰাজীৱ ভৱন বন্ধ কৰি ৰখা হ'ব ৷ ইফালে, খালেকৰ এই মন্তব্যৰ বাবে হাই কমাণ্ডক বিহীত ব্যৱস্থা ল'বলৈ দাবী জনাই বৰপেটা জিলাৰ কংগ্ৰেছ কৰ্মীসকলে ৷

অন্য এক খবৰৰ বাবে: গেৰাণ্টিৰ সৈতে গহপুৰত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.