ETV Bharat / state

আলফা স্বাধীনত আৰক্ষী জোৱানৰ সন্দেহজনক যোগদান সন্দৰ্ভত উদ্বিগ্ন এগৰাকী বিধায়ক - Assam police personal joining ulfa

আলফা স্বাধীনত সন্দেহজনক যোগদানৰ উদ্দেশ্যে আৰক্ষীৰ চাউনি এৰি জংঘলৰ দিশে ধাৱমান আৰক্ষীৰ দুগৰাকীকৈ জোৱান (Assam police personal joined ULFA I) ৷ যুৱতী, কিশোৰৰ লগতে আৰক্ষীৰ জোৱানৰ আলফাত যোগদানৰ খবৰক লৈ উদ্বিগ্ন বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদ ৷ অসম পুনৰ অশান্ত হৈ পৰাৰ শংকাত উদ্বিগ্নতা প্ৰকাশ বৰপেটাৰ বিধায়ক গৰাকীৰ ৷

congress-mla-reacts-on-assam-police-personal-joining-ulfa-i
আলফা স্বাধীনত আৰক্ষীৰ জোৱানৰ যোগদান সন্দৰ্ভত উদ্বিগ্ন বিধায়ক
author img

By

Published : Jan 9, 2022, 9:59 PM IST

বৰপেটা, ৯ জানুৱাৰী : যিসময়ত ৰাজ্যখনৰ সৰ্বত্ৰে শান্তি বিৰাজ কৰা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে তেনে সময়তে চাকৰি এৰি এজনৰ পিচত আন এজনকৈ আৰক্ষীৰ জোৱান অৰণ্যলৈ যোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদ ৷ বিশেষকৈ আলফা স্বাধীনৰ সৈতে যুদ্ধ বিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতেই কিছুদিন পূৰ্বে ৫ গৰাকী যুৱতী আলফাত যোগদান কৰা আৰু শেহতীয়াভাৱে দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ জোৱান কৌশিক গোহাঁই আৰু সাপেখাতী গাঁৱৰ অসম আৰক্ষীৰ জোৱান নিৰ্মল ফুকনেও আলফাত যোগদান কৰা বুলি বাতৰি ওলােৱাৰ পিচতেই হাহাকাৰ লাগিছে অসম আৰক্ষীত (Assam police personal joined ULFA I) ৷

উজনিৰ তালাপৰ পিংকু মৰাণ নামৰ ১৭ বছৰীয়া এজন কিশোৰৰ নিৰুদ্দেশৰ আঁৰত আলফাত যোগদানৰ সম্ভাৱনাক লৈয়ো চলি আছে নানা জল্পনা-কল্পনা ৷ এনেদৰে উজনিৰ বিভিন্ন গাঁৱৰ পৰা বহু যুৱক-যুৱতী আলফাত যোগদানৰ (Youth joining ULFA) বাতৰিৰ পিছতে অসম আৰক্ষীৰ জোৱানৰ সশস্ত্ৰ সংগঠনত যোগদানৰ বাতৰিয়ে অসম অশান্ত হৈ পৰাৰ ইংগিত বহন কৰিছে বুলিও মন্তব্য কৰিছে বৰপেটাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদে ৷

আলফা স্বাধীনত আৰক্ষীৰ জোৱানৰ যোগদান সন্দৰ্ভত উদ্বিগ্ন বিধায়ক

প্ৰতিদিনে বিভিন্নজনে আলফাত যোগদানৰ বাতৰি প্ৰকাশৰ পিছতে দেওবাৰে বৰপেটাৰ বিধায়কগৰাকীয়ে এয়া গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ আইন শৃংখলাজনিত পৰিস্থিতি যে সঠিক নহয় তাকেই প্ৰতীয়মান কৰি তোলা বুলিও মন্তব্য কৰে ৷

বৰপেটাৰ হাউলীত দেওবাৰে একাংশ কৰ্কট ৰোগীৰ মাজত মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিৰ ধন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মত প্ৰকাশ কৰে বিধায়ক গৰকাীয়ে ৷ আনহাতে, দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিৰ পৰা আগবঢ়োৱা ১০ হাজাৰ টকাৰ অনুদান বৃদ্ধি কৰাৰ লগতে পূৰ্বৰ চৰকাৰৰ দিনত থকা সুহৃদ আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈকো চৰকাৰৰ প্ৰতি আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল আগবঢ়ালে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.