ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব কোনো ভাষাবিদ নহয়: আব্দুল খালেক

author img

By

Published : Feb 23, 2021, 9:27 AM IST

দেওবাৰে কলগাছিয়াত জনীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বুথ সদস্যসকলৰ এক বিশেষ সংকল্প শিবিৰ অনুষ্ঠিত কৰা হয় । এই সভাত সাংসদ আব্দুল খালেকে মুখ্য অতিথি হিচাপে আৰু ট্টিচগড় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ শুক্লাৰ লগতে কেইবাহাজাৰ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

জনীয়াত কংগ্ৰেছৰ বিশেষ সংকল্প শিবিৰ
জনীয়াত কংগ্ৰেছৰ বিশেষ সংকল্প শিবিৰ

জনীয়া,23 ফেব্ৰুৱাৰীঃ সমাগত নিৰ্বাচনক লৈ ৰণডংকা বজাবলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ সময়ে সময়ে ৰাজনৈতিক দলসমূহে অনুষ্ঠিত কৰি আহিছে সভা-সমিতি ৷ দেওবাৰে কলগাছিয়াত জনীয়া বিধানসভা সমষ্টিৰ ভিত্তিত কংগ্ৰেছ দলৰ বুথ সদস্যসকলৰ এক বিশেষ সংকল্প শিবিৰ অনুষ্ঠিত কৰা হয় । এই সভাত সাংসদ আব্দুল খালেকে মুখ্য অতিথি হিচাপে আৰু ট্টিচগড় প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ শুক্লাৰ লগতে কেইবাহাজাৰ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

কংগ্ৰেছৰ এই বিশেষ সংকল্প শিবিৰৰ পৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ খালেকে ৷ কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটে সমাগত নিৰ্বাচনত ১০১ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

মন্ত্ৰী হিমন্ত বিশ্ব কোনো ভাষাবিদ নহয়ঃ সাংসদ আব্দুল খালেক

কংগ্ৰেছ দলে লিখা 'অসম বচাও' ৰ বেনাৰ আৰু পোষ্টাৰৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিন্দাজনক মন্তব্যৰ বাবে সাংসদ আব্দুল খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই বিষয়ত সাংসদগৰাকীয়ে কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব কোনো ভাষাবিদ নহয় ৷ বিজেপি চৰকাৰে স্কুল প্ৰাদেশিকীকৰণৰ নামত ৰাইজে প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহ ধ্বংস কৰিছে । মে’ মাহত অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছত তেওঁলোকে অনুষ্ঠানসমূহ পুনৰ উজ্জীৱিত কৰিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

মহাজোঁটত থাকিলেও জনীয়া বিধানসভাত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দাবী কৰিব আৰু এআইইউডিএফ-ৰ হাতৰ পৰা সমষ্টিটো উদ্ধাৰ কৰিব বুলি কংগ্ৰেছ দলটো আত্মবিশ্বাসী হৈ উঠা বুলি মন্তব্য কৰে সাংসদ খালেকে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আগন্তুক নিৰ্বাচনত জনীয়া সমষ্টিৰ পৰা দেলোৱাৰ হুছেইন, আমিৰুল ইছলাম খান, মজিবৰ ৰহমান খান, ড৹ দেৱান আৰশ্বাদ আহমেদ, গোলাম মোস্তফা আহমেদ আৰু ইমৰান হুছেইন খানে প্ৰাৰ্থিত্ব দাবী কৰিব ৷

লগতে পঢ়কঃ বাক্সাত 775 টা আত্ম সহায়ক গোটলৈ 24 কোটি টকাৰ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.