ETV Bharat / state

2016 চনত ভোট বিভাজনেৰে বিজেপি ক্ষমতালৈ আহিছিল : ৰিপুণ বৰা - আগন্তুক বিধানসভা নিৰ্বাচন

বাক্সাৰ কাটাঝাৰত কংগ্ৰেছ-এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা ৷ 2016 চনত ভোট বিভাজনৰ ফলত বিজেপি ক্ষমতালৈ আহিছিল, কংগ্ৰেছৰ মহাজোঁটে এইবাৰ গঠন কৰিব চৰকাৰ : ৰিপুণ বৰা ৷

উপস্থিত ৰিপুণ বৰা আৰু হাজিফ ৰফিকুল ইছলাম
বাক্সাৰ কাটাঝাৰত কংগ্ৰেছ-এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা
author img

By

Published : Aug 22, 2020, 11:03 AM IST

বৰপেটাৰোড, 22 আগষ্ট : বাক্সাৰ শালবাৰীৰ কাটাঝাৰ বজাৰত শুকুৰবাৰে বিয়লি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভাৰ আয়োজন কৰা হয় ৷ এই সভাত অংশ লৈ শাসকীয় বিজেপিক কঠোৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

সভাত বৰাই কয় যে, কংগ্ৰেছে মহাজোঁট বন্ধনত আগন্তুক বিধানসভা নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব ৷ বিগত 2016 চনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন ৷ ভোট বিভাজনৰ ফলত বিজেপিয়ে জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ এইবেলি কংগ্ৰেছ-এ আই ইউ ডি এফ বামপন্থী আৰু অন্যান্য আঞ্চলিক ৰাজনৈতিক দল আৰু জনগোষ্ঠীয় দলৰ সৈতে মহাজোঁট বন্ধন কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত বৃহৎ সংখ্যক আসন দখল কৰি চৰকাৰ গঠন কৰিম ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

বাক্সাৰ কাটাঝাৰত কংগ্ৰেছ-এ আই ইউ ডি এফৰ যৌথ কৰ্মী সভা

ৰেল বিভাগকে ধৰি তৈলক্ষেত্ৰ আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগ অএনজিচিৰ ব্যক্তিগতকৰণ কৰি আছে ৷ বিজেপিয়ে সৰ্বসাধাৰণ ৰাইজৰ কোনো অধিকাৰ নাৰাখে ৷ বিজেপিৰ শাসনকালত আদানী-আম্বানিকে ধৰি বৃহৎ পুঁজিপতি গোষ্ঠীৰ অধিকাৰ থাকিব বুলিও কয় সভাপতি ৰিপুণ বৰাই ৷ অসম চুক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অসম চুক্তিক এআইইউডিএফে সমৰ্থন কৰিছে ৷ অসমীয়াক শেষ কৰাৰ অস্ত্ৰ হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ বিজেপিয়ে CAA জাপি দিছে ৷ কংগ্ৰেছ-এআইইউডিএফে CAA ৰ বিৰোধিতা কৰিছে ৷ বিজেপিয়ে অসম আৰু অসমীয়াক শেষ কৰিবলৈ ওলাইছে ৷ এন আৰ চি খনো বিজেপিয়ে বন্ধ কৰি আমাক শেষ কৰিব বিচাৰিছে ৷ অসম চুক্তিক অৱমাননা কৰি আমাক শেষ কৰিব ওলাইছে ৷ CAA জাপি দি আমাক শেষ কৰিব ওলাইছে ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে অসমক ৰক্ষা কৰাৰ বাবে বিজেপিৰ বিৰোধিতা কৰি আছে বুলিও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উল্লেখ কৰে ৷

আনহাতে, এআইইউডিএফৰ নেতা তথা জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে চৰকাৰে বিমান বন্দৰসমূহ ব্যক্তিগত কোম্পানীক লীজত দিয়া সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ লগতে বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাকো এগৰাকী সন্ত্ৰাসবাদী বুলি আখ্যায়িত কৰে ৷ সত্যৰঞ্জন বৰাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই বিধায়কগৰাকীয়ে ৷ কংগ্ৰেছ-এআইইউডি এফৰ যৌথ কৰ্মী সভাত কংগ্ৰেছ নেতা দূৰ্গা দাস বড়ো,আব্দুৰ ৰহিম আহমেদ,ৰফিকুল হক (ৰাজীৱ),এআইইউডিএফৰ কেন্দ্ৰীয় সম্পাদক আমিনুল ইছলামকে ধৰি দুয়োটা দলৰ বহু সংখ্যক নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : গণেশ চতুৰ্থী : মছলাৰ দ্বাৰা নিৰ্মিত গণপতিৰ মূৰ্তিৰ চাহিদা বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.