বৰপেটা, ১৫ এপ্ৰিলঃ বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ভোলুকাবাৰীত দেওবাৰে অনুষ্ঠিত হয় জিলাভিত্তিক কংগ্ৰেছৰ যুৱ অভিৱৰ্তন ৷ এই অভিৱৰ্তনতে অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ৷ অভিৱৰ্তন সভাত আক্ৰমণ তিনি অগপ মন্ত্ৰীৰ লগতে বদৰুদ্দিন আজমলকে ধৰি আজমলৰ মৃত শহুৰকো কটাক্ষ আব্দুল খালেকৰ ৷ অগপৰ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষণ চৌধুৰীৰ বিৰুদ্ধে হেনো বিজেপিয়ে সাজু কৰি তুলিছিল তিনিটা বিশেষ ফাইল ৷ সেয়েহে জেললৈ যোৱাৰ ভয়তে বিজেপিৰে সৈতে মিত্ৰতা কৰিছিল বুলি এই তিনি মন্ত্ৰীয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷
ইয়াৰ লগতে বদৰুদ্দিন আজমলকে ধৰি আজমলৰ মৃত শহুৰকো আক্ৰমণৰ লক্ষ্য কৰি লয় আব্দুল খালেকে ৷ ৰাজ্যত ডি' ভোটাৰ সৃষ্টিৰ ক্ষেত্ৰত হেনো অৱদান আছে আজমলৰ শহুৰ মৰহুম মৌলানা আব্দুল হকৰ ৷ আব্দুল খালেকৰ দাবী, অগপ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সৃষ্টি কৰা হৈছিল ডি'ভোটাৰ ৷ খালেকৰ মতে, ১৯৯৭ চনত অসমত অগপ চৰকাৰ গঠনৰ ক্ষেত্ৰত আগভাগ লৈছিল মৌলানা আব্দুল হকে ৷ আনহাতে অসমত ২০১৬ চনত বিজেপি চৰকাৰ গঠনৰ মূলতে হ'ল আজমলৰ ৰাজনীতি ৷ আজমলৰ বাবেই বিজেপিয়ে অসমত চৰকাৰ গঠনৰ সুবিধা পালে ৷
আব্দুল খালেকৰ মতে আজমল আৰু আজমলৰ শহুৰ আব্দুল হকৰ বাবেই আজি ৰাজ্যখনত মুছলমানসকলৰ এই অৱস্থা ৷ আজমলৰ পৰিয়ালে সদায় মুছলমান বিৰোধী ৰাজনীতি কৰি আহিছে ৷ ইপিনে আজমল হেনো হিমন্তৰ কথামতেহে চলে ৷ আজমলৰ ৰিম'ট হিমন্তৰ হাতত থকা বুলিও মন্তব্য কৰে ৷ আজমল, হিমন্তবিশ্ব আৰু বিজেপিক অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলিও অভিহিত কৰে আব্দুল খালেকে ৷ আব্দুল খালেকৰ দাবী, বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ ক্ষেত্ৰত হেনো আছে বিজেপিৰ ব্লেক মেইলিঙৰ ৰাজনীতি ৷
ইপিনে অভিৱৰ্তনখনত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি কেশৱ চন্দ্ৰ যাদৱে কয় তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, ছট্টিশগড়, পশ্চিম ভাৰত, পূৰ্বোত্তৰ, উত্তৰপ্ৰদেশ আদিত বিজেপি ধূলিসাৎ হৈ যোৱাৰ প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হোৱাতো নিশ্চিত বুলি দাবী কৰে ৷ আনকি অসমতো কংগ্ৰেছ প্ৰথম স্থানত থাকিব বুলিও দাবী কৰে নেতাজনে ৷