জনীয়া,১০ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই গৈছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বিজেপি চৰকাৰক অঙ্গুষ্ঠ দেখুৱাই চৰকাৰী সুলভ মূল্যৰ দোকানী আশাদুল ইছলামে চলাই আহিছে ব্যাপক দূৰ্নীতি । আশাদুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে গ্ৰাহকক চাউল অন্যায়ভাৱে কমকৈ দিয়াৰ । বৰপেটা জিলাৰ বালিকুৰিৰ চানপুৰ গাঁৱৰ ৰেজিষ্টাৰ নং BSM NO-2203/63/50 সুলভ মূল্যৰ দোকানৰ দোকানী আশাদুল ইছলামে গ্ৰাহকৰ চাউল আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
উল্লেখযোগ্য যে সুলভ মূল্যৰ দোকানী আশাদুল ইছলামে মুখ্যমন্ত্ৰীৰ নীতি-নিৰ্দেশনাকো কেৰেপ নকৰি প্ৰতিজন হিতাধিকাৰীৰ পৰা ১ ৰ পৰা ২ কেজি চাউল কমকৈ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে । এই বিষয় হিতাধিকাৰীয়ে আপত্তি দৰ্শোৱাত সুলভ মূল্যৰ দোকানীয়ে অমাৰ্জিত ব্যৱহাৰ কৰাৰ লগতে দোকানৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে ।
এই সন্দৰ্ভত সাংবাদিকৰ এটা সঁজাতি দলে উক্ত সুলভ মূল্যৰ দোকানত উপস্থিত হৈ প্ৰশ্ন সোধাত ৰাইজে মৰমতে ১-২ কেজি দি যায় বুলি মন্তব্য কৰে । এতিয়া প্ৰশ্ন খাদ্য আৰু যোগান বিভাগৰ সমবায় সমিতিৰ সুলভ মূল্যৰ একাংশ দোকানীয়ে কিয় নামালে চৰকাৰৰ নীতি-নিয়ম । সচাকৈ দুখীয়া জনসাধাৰণক সুলভ মূল্যৰ দোকানসমূহক পৰিপূৰ্ণ চাউল বিতৰণ কৰিবলৈ দিয়া হৈছে নে ? এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই সুলভ মূল্যৰ দোকানী আশাদুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় ।
লগতে পঢ়ক: APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ