ETV Bharat / state

ACS বিষয়া চাইবুৰ ৰহমানৰ ভাতৃৰ নামতো আছে অগাধ সম্পত্তি - চাইবুৰ ৰহমানৰ সম্পত্তিৰ তালিকা

বৰপেটাৰ কয়াকুছিতস্থিত বাসগৃহৰ পাচতে বৰপেটা চহৰৰ মুছলিমপট্টিত থকা চাইবুৰ ৰহমানৰ ভূ-সম্পত্তিৰ তথ্য বিচাৰি অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ৷ চাইবুৰ ৰহমানে ভাতৃৰ নামত অগাধ সম্পত্তি থকা তথ্য লাভ বিশেষ তদাৰকী কোষৰ ৷

CM SPECIAL VIGILANCE CELL RAID ON PROPERTY OF SAIBUR RAHMAN
ACS বিষয়া চাইবুৰ ৰহমানৰ ভাতৃৰ নামত অগাধ সম্পত্তি
author img

By

Published : Aug 26, 2021, 8:01 PM IST

বৰপেটা, 26 আগষ্ট : ACS বিষয়া চাইবুৰ ৰহমানৰ আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তিৰ তথ্যই ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যবাসীৰ মাজত ৷ চাইবুৰ ৰহমানৰ দুই পত্নীৰ বাহিৰেও ভাতৃৰ নামতো আছে অগাধ সম্পত্তি ৷ গুৱাহাটীৰ পাচতে বৰপেটা জিলাৰ বিভিন্ন স্থানত বৃহস্পতিবাৰে চাইবুৰ ৰহমানৰ স্থাৱৰ সম্পত্তিৰ তথ্যৰ বিচাৰি অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে ৷

বৰপেটাৰ কয়াকুছিতস্থিত বাসগৃহত অভিযান চলোৱাৰ পাচতে তদন্তকাৰী দলটোৱে বৰপেটা চহৰৰ চাইবুৰ ৰহমানৰ মাটি আৰু ভাতৃৰ নামত থকা ঔষধৰ পাইকাৰী বিপনীত অভিযান আৰম্ভ কৰে ৷ অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনাই যে, বৰপেটা চহৰৰ মুছলিমপট্টিত থকা ঔষধৰ পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ বেলেঞ্চ চীট আৰু ইনকম টেক্স ৰিটাৰ্ণ ফাইলৰ তথ্য বিচাৰিব তদন্তকাৰী দলটোৱে ৷

ACS বিষয়া চাইবুৰ ৰহমানৰ ভাতৃৰ নামত অগাধ সম্পত্তি

উল্লেখ্য যে, মুছলিমপট্টিত ঔষধৰ পাইকাৰী বিপনী নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা মাটিখিনিও ACS বিষয়া চাইবুৰ ৰহমানৰে বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ আৰু আৱৰ্ত ভৱনৰ পিচফালে থকা এই মাটিখিনি ৪ বছৰমান পূৰ্বে ক্ৰয় কৰিছিল চাইবুৰ ৰহমানে ৷

লগতে পঢ়ক: ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

ইফালে, ACS বিষয়াগৰাকীৰ কেৱল 89 টা স্থানতে যে ভূ-সম্পত্তি আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ 89 টাৰো অধিক স্থানত চাইবুৰ ৰহমানৰ ভূ-সম্পত্তি থকাৰ কথা সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়া ৰ'জি কলিতাই ৷

বৰপেটা আৰু গুৱাহাটীৰ বাহিৰেও আন কেবাখনো জিলাত চাইবুৰ ৰহমানৰ আন দুগৰাকী ভাতৃৰ নামত আছে অগাধ সম্পত্তি ৷ বৰপেটা জিলাৰ ৪১ স্থানত আছে চাইবুৰৰ ভূ-সম্পত্তি ৷ চাইবুৰৰ মাটি-সম্পত্তিৰ ওপৰত বহু তথ্য লাভ কৰিছে যদিও আদালতৰ কিছুমান প্ৰক্ৰিয়াৰ বাবে ভূ-সম্পত্তিৰ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে তদন্তকাৰী বিষয়া ৰ'জি কলিতা ৷

তদুপৰি চাইবুৰ ৰহমানে বহু ভূ-সম্পত্তিৰ তথ্য পিতৃ নামত থকা তথা পৈতিক সম্পত্তিৰ হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছে ৷ কিন্তু এই ক্ষেত্ৰত তদন্তকাৰী বিষয়া ৰ'জি কলিতাই কয়, চাইবুৰ ৰহমানৰ পিতৃ এগৰাকী স্কুল শিক্ষক ৷ গতিকে এগৰাকী ভদ্ৰ স্কুল শিক্ষকৰ নামত কিমান মাটি থাকিব পাৰে সেই কথা হয়তো সকলো জানে ৷ অতি সোনকালে এই তদন্তৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব বুলি জানিবলৈ দিছে তদন্তকাৰী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.