বৰপেটা,17 নৱেম্বৰঃ বৰপেটাৰ হাউলীত কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ স্মৃতিত নিৰ্মিত ৰাজহুৱা ভৱন এটা মঙলবাৰে উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পূৰ্বতে নিৰ্মিত ভৱনটো জহি খহি যোৱাৰ লগতে নতুনকৈ আধুনিকীকৰণ কৰি নিৰ্মাণ কৰা হৈছে ভৱনটো ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় দ্বাৰা প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে হাউলী চহৰত নিৰ্মাণ কৰা ভৱনটো উন্মোচন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ উন্মোচনী অনুষ্ঠানৰ পিছতে এখন ৰাজহুৱা সভাতো অংশ লয় মুখ্যমন্ত্ৰীয়ে ৷
ভৱনটো মুকলি কৰি সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিচৰে পৰাই অসমৰ প্ৰতিখন জিলাতে উন্নয়নৰ গতি তীব্ৰ হৈছে ৷ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু হিতাধিকাৰী বিভিন্ন সা-সুবিধা প্ৰদানৰ জৰিয়তে চৰকাৰখনে যথেষ্ট সফলতা অৰ্জন কৰিছে ৷ অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন ৷ অসমৰ ৰাইজক মিছা কথা কৈ ফাঁকি দি আভুৱা ভাৰিব নোৱাৰে ৷ সেয়ে অসমৰ ৰাইজে আন দলৰ কথাত ভোল নাযায় ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাইজৰ হিতাৰ্থে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনি আৰু কামৰ তথ্য অসমৰ ৰাইজৰ হাতে হাতে আছে ৷ ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়েই চৰকাৰ গঠন কৰিব আৰু অসমৰ ৰাইজে হিয়া উজাৰি সমৰ্থন কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
কংগ্ৰেছ,এ আই ইউ ডিএফ বা অন্য দলবোৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে কিন্তু মানুহৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে বুলিও মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ কংগ্ৰেছে ৫৫ বছৰে ৰাজ্যখন শাসন কৰাৰ সুযোগ পোৱাৰ পিচতো তেওঁলোকে মানুহৰ মনত সদ্ভাৱনা সৃষ্টি কৰিব নোৱাৰিলে ৷ তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক কম দিনৰ ভিতৰতে অসমৰ ৰাইজে আদৰি লৈছে ৷ সেয়ে অসমৰ ৰাইজে উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থত 2021 ৰ নিৰ্বাচনতো বিজেপি চৰকাৰকে আঁকোৱালি ল’ব ৷ ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা সাৰ্বজনীন নীতিৰে চবকা সাথ,সবকা বিকাশ, সবকা বিশ্বাস নীতিৰে চৰকাৰ পৰিচালিত হৈ আহিছে ৷ ইয়াৰ উপৰিও বিটিএডিতো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে চৰকাৰ গঠন হব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক-ৰঙাপৰাত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ