বৰপেটা,18 চেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়াত উত্তপ্ত পৰিস্থিতি ৷ বুধবাৰে জনীয়াৰ কাদঙ আৰু কলগাছিয়াত ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষক সভাৰ জনীয়া আঞ্চলিক সমিতিয়ে। যোৱা ৯ চেপ্টেম্বৰত দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই গুৱাহাটীৰ পৰা তিনি গৰাকী মহিলাক থানালৈ নি উলংগ কৰি মহিলা কেইগৰাকীৰ ওপৰত চলোৱা বৰ্বৰ তথা নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে বুধবাৰে কলগাছিয়া আৰু কাদঙত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নিখিল ভাৰত কৃষক সভা জনীয়া আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
সংগঠনটোৰ কৰ্মীসকলে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি, অসম আৰক্ষী হায় হায়,গৃহ বিভাগ হায় হায়,বিজেপি চৰকাৰে মহিলাৰ ওপৰত নিৰ্যাতন বন্ধ কৰক,গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালে নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ দোষী আৰক্ষীক নিলম্বন কৰি দায়িত্ব সামৰিলেই নহ'ব দোষী মহেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে আন্দোলনকাৰীয়ে।
উল্লেখ্যে যে দৰঙৰ দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই তিনিগৰাকী যুৱতীক উলংগ কৰি ওৰে নিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল মহিলাকেইগৰাকীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ এই জঘন্য কাণ্ডত সহযোগ কৰিছিল বিনীতা নামৰ এগৰাকী মহিলা কনিষ্টবলেও। মহিলা কেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিচতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক তাৎক্ষণিকভাৱে নিলম্বন কৰে গৃহবিভাগে ৷