ETV Bharat / state

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Apr 7, 2021, 10:13 PM IST

মঙলবাৰে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত গুৰুৰ আশীষ বিচাৰি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী গৰাকীৰ লগত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় সাংসদ তপন গগৈ আৰু প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ।

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বৰপেটা,৭ এপ্ৰিল: বৰপেটা জিলাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মঙলবাৰে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত গুৰুৰ আশীষ বিচাৰি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ।

মুখ্যমন্ত্ৰী গৰাকীৰ লগত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় সাংসদ তপন গগৈ আৰু প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী । মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ পোনপ্ৰথমে সুবৰ্ণ কূড়ত প্ৰৱেশ কৰি নাম-জপ কৰাৰ পিছত কৃষ্ণগুৰু প্ৰভুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতেই মূল কীৰ্তন ঘৰত প্ৰৱেশ কৰি সেৱা লয় মুখ্যমন্ত্ৰীয়ে । গুৰুগৃহত গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামী আইৰ আশীষ লোৱাৰ পিছত গুৰুগৃহত সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে । সেৱা লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

বিজেপিয়ে অকলে মেজিক নম্বৰ পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে । শান্তিপূৰ্ণভাৱে নিৰ্বাচন সমাপন কৰাত অসমবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে শ্বহীদক অপমান কৰাটো চৰকাৰে সহ্য নকৰে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক: খাগৰিজান চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.