ETV Bharat / state

কাদঙত MGNREGA ৰ কামৰ Estimate বিচৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - এম জি এনৰেগা আঁচনিৰ হিচাপ-নিকাচকলৈ জনীয়াত উত্তাপ্ত পৰিস্থিতি

কলগাছিয়াৰ জনিয়াত এম জি এনৰেগা আঁচনিৰ হিচাপ-নিকাচ সন্দৰ্ভত সৃষ্টি উত্তপ্ত পৰিস্থিতি ৷ কাদং গাঁও পঞ্চায়তৰ একাব্বৰ আলীৰ বিৰুদ্ধে গাঁও পঞ্চায়তৰ হিচাপ-নিকাচৰ তত্বাৱধানত থকা জাহানাৰা খাতুন আৰু আঞ্চলিক সদস্যা জাহানাৰা খানমক প্ৰহাৰৰ অভিযোগ উত্থাপন (Clash between two groups according anrenga scheme) ৷

clash-between-two-groups-according-anrenga-scheme-at-jania
এম জি এনৰেগা আঁচনিৰ হিচাপ-নিকাচকলৈ জনীয়াত উত্তাপ্ত পৰিস্থিতি
author img

By

Published : Jan 1, 2022, 10:32 AM IST

জনিয়া, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰাকক্ষণত জনীয়াত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ শেহতীয়াকৈ বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 79 নং কাদং গাঁও পঞ্চায়তৰ মহম্মদপুৰ গাঁৱত এম জি এনৰেগা আঁচনি ৰূপায়ণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি (Scam in MGNREGA Scheme at kadong GP) ৷

তথ্য অনুসৰি, শুকুৰবাৰে বিয়লি কাদং হাইস্কুল খেলপথাৰত প্ৰায় 19 লাখ টকা ব্যয় সাপেক্ষে চলি থকা এম জি এনৰেগা আঁচনিৰ কাম-কাজৰ পৰ্যবেক্ষণ কৰিবলৈ আহিছিল পঞ্চায়তটোৰ হিচাপ-নিকাচৰ তত্বাৱধানত থকা জাহানাৰা খাতুন আৰু পঞ্চায়তখনৰ আঞ্চলিক সদস্যা জাহানাৰা খানমে ৷

এম জি এনৰেগা আঁচনিৰ হিচাপ-নিকাচকলৈ জনীয়াত উত্তাপ্ত পৰিস্থিতি

সেই সময়তে মহম্মদপুৰ গাঁৱৰ একাব্বৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে জাহানাৰা খাতুনক আঁচনিখনৰ সকলো প্ৰকাৰৰ হিচাপ বিচাৰে ৷ খাতুনে শনিবাৰে এই কামৰ খাতিয়ান দাঙি ধৰিব বুলি কোৱাত একাব্বৰ আলীয়ে জাহানাৰাক অশালীন ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷ কেৱল এয়াই নহয়, মহিলাগৰাকীক শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে ব্যক্তিগৰাকীৰ বিৰুদ্ধে ৷

ইয়াৰোপৰি ঘটনাটো সংঘটিত হোৱাৰ সময়ত গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা জাহানাৰা খানমে কাজিয়া ভাঙিবলৈ চেষ্টা কৰোতে মহিলাগৰাকীকো প্ৰহাৰ কৰে ব্যক্তিগৰাকীয়ে ।

পৰৱৰ্তী সময়ত অঞ্চলটোৰ সচেতন ৰাইজে বিষয়টো মীমাংসা কৰিবলৈ চেষ্টা কৰে ৷ তাৰপিছত অঞ্চলটোৰ ৰাইজে জাহানাৰা খাতুনে এই ঘটনা সন্দৰ্ভত লোৱা সিদ্ধান্তত সহযোগ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ইফালে দুয়োগৰাকী মহিলাই ব্যক্তিগৰাকীৰ বিৰুদ্ধে আইনৰ সহায় গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, এম জি এনৰেগা আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 79 নং কাদং গাঁও পঞ্চায়ত হিতাধিকাৰীৰ ধন আত্মসাৎ কৰা কাৰ্যৰ সৈতে পৰোক্ষভাৱে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰী কৰ্মচাৰী আদি লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজে ।

লগতে পঢ়ক : বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.