জনিয়া, 7 মাৰ্চ : কলগাছিয়াত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ সোমবাৰে বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প তথা বালিকুৰি আৰক্ষী চকীৰ অন্তৰ্গত ২৩৪ নং পশ্চিম বালিকুৰি অংগনবাদী কেন্দ্ৰত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা (Tense situation at Kalgachia anganwadi centre) ৷
ঘটনা অনুসৰি , বালিকুৰি অংগনবাদী কেন্দ্ৰৰ কৰ্মী হাবিজা খাতুনে কেন্দ্ৰটোত পলমকৈ উপস্থিত হোৱাৰ বাবে অংগনবাদী কেন্দ্ৰ সদস্য নুৰ উদ্দিন খানৰ লগতে একাংশ অভিভাৱকে গেটত তলা লগায় । যাৰ ফলত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে কৰ্মী হাবিজা খাতুনে নিজ ভাতৃ হবিবৰ ৰহমান খানক ফোন যোগে মাতি আনি ভিতৰত প্ৰৱেশ কৰি অংগনবাৰী কেন্দ্ৰৰ তলা খোলাৰ চেষ্টা কৰোঁতে দুয়োপক্ষৰ মাজত মাৰপিটৰ সৃষ্টি হয় (Clash between two groups at Kalgachia anganwadi centre) ।
প্ৰথম পক্ষৰ নুৰ উদ্দিন খানে সাংবাদিকৰ আগত জানোৱা মতে, হবিবৰ ৰহমান খান নামৰ এজন ব্যক্তিয়ে নুৰ উদ্দিন খানক আক্ৰমণ কৰে । ইপিনে দ্বিতীয় পক্ষৰ হাবিজা খাতুনে জনোৱা মতে, নুৰ উদ্দিন খানে অংগনবাদী কেন্দ্ৰৰ কৰ্মী হাবিজা খাতুন আৰু ভাতৃ হবিবৰ ৰহমান খানক আক্ৰমণ কৰাৰ লগতে কৰ্মী হাবিজা খাতুনৰ কাপোৰ টনা হেঁচা কৰি কাপোৰ চিঙি দিয়াৰ অভিযোগ কৰে ।
ইতিমধ্যে দ্বিতীয় পক্ষৰ হাবিজা খাতুনে বালিকুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । লগতে দুয়ো পক্ষই এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় । এতিয়া আৰক্ষীৰ তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।
লগতে পঢ়ক : Spanish Para badminton International ত তিনিটাকৈ স্বৰ্ণ অৰ্জন প্ৰমোদ ভগতৰ