ETV Bharat / state

কলগাছিয়াৰ শওপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ

author img

By

Published : Jul 30, 2021, 10:05 PM IST

কলগাছিয়াৰ শওপুৰত ভয়াৱহ ৰূপ লৈছে বেকী নদীৰ খহনীয়াই(Erosion) । এতিয়ালৈ ১৯ টা পৰিয়ালৰ বাসগৃহ জাহ গ'ল খহনীয়াত । বৃহস্পতিবাৰে শওপুৰ আৰু আমগুৰিৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলে চক্ৰ বিষয়াই ।

Circle Officer visits erosion affected Area in Kalgachia
কলগাছিয়াৰ শওপুৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ

জনীয়া, ৩০ জুলাই: বেকী নদীৰ খহনীয়া(Erosion)ই টোপনি হৰিছে কলগাছিয়াৰ শওপুৰৰ নৈপৰীয়া ৰাইজৰ । খহনীয়াই এফালৰ পৰা উছন কৰি নিছে ঘৰ-কৃষিভূমি । প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে স্থানীয় ৰাইজ । নিজ হাতেৰে ভাঙিছে আপোন ঘৰখন ।

খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা নকৰাৰ বাবে প্ৰতি বছৰে হাৰাশাস্তি ভুগিবলগীয়া হয় নৈপৰীয়া ৰাইজে । ইতিমধ্যে শওপুৰ গাঁৱত এটা মাহৰ ভিতৰত ১৯টা পৰিয়ালৰ বাসগৃহ খহনীয়াত জাহ গৈছে । অংগনৱাড়ী কেন্দ্ৰটোও এতিয়া খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । বৃহস্পতিবাৰে শওপুৰ আৰু আমগুৰিৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ।

লগতে খহনীয়া ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে । উল্লেখ্য যে, খৰালিৰ সময়ত একাংশ অসাধু লোকে বেকী নদীৰ পাৰত অবৈধভাৱে মাটি খনন কৰাৰ ফলত খহনীয়া সমস্যা বৃদ্ধি হৈছে ।

আনহাতে, বিধ্বংসী খহনীয়াত গুৱাহাটীৰ পৰা জনীয়া হৈ উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথলৈও তীব্ৰ ভাবুকি আনিছে বেকী নদীৰ খহনীয়াই । ইফালে, বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো চৰকাৰে খহনীয়া ৰোধৰ কোনো বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে । ঘৰ-মাটি খহনীয়াত উছন হোৱাৰ আশংকাত নৈপৰীয়া ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । এতিয়া খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।

খহনীয়াত বাসগৃহ জাহ যোৱাৰ ফলত গৃহহীন হৈ পৰিছে শওপুৰৰ ১৯টাকৈ পৰিয়াল । এই বিপদৰ সময়ত সহায় কৰিবলৈ চৰকাৰক আহ্বান জনাইছে পৰিয়ালকেইটাই । কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমান্তৰ ৰাইজক শংকিত নহ’বলৈ আহ্বান অশোক সিংঘালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.