ETV Bharat / state

নাবালিকাক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ মছজিদৰ ইমাম

author img

By

Published : Feb 24, 2021, 12:35 PM IST

ইমামৰূপী এজন পঞ্চাশোৰ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা । এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটাৰ মাজদিয়াত ।

child_molestation_one_arrested
বৰপেটাত নাবালিকাক যৌন আতিশয্য চলাই গ্ৰেপ্তাৰ মছজিদৰ ইমাম

বৰপেটা,২৪ ফেব্ৰুৱাৰী: ইমামৰূপী এজন পঞ্চাশোৰ্ধৰ ব্যক্তিৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী নাবালিকা । এই জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মাজদিয়াত । সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াৰ এগৰাকী নাবালিকাক যৌন আতিশয্য চলাই ৰঙাঘৰৰ আলহী হৈছে এগৰাকী ইমাম ৷ মাজদিয়া ৰিজাৰ্ভৰ বাবুল আলী নামৰ ইমাম গৰাকীয়ে একে গাঁৱৰে এগৰাকী ন বছৰীয়া নাবালিকাক ভয়-ভাবুকিৰে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ কথা পোহৰলৈ আহে ৷ নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে ঘটনা সন্দৰ্ভত সকলো জানিব পৰাত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৷

ধৰ্মীয় অনুভূতিত কালিমা সনা ইমামগৰাকীৰ কৰ্ম-কাণ্ড পোহৰলৈ অহাৰ পিছতে নাবালিকাগৰাকীৰ মাতৃয়ে মাজদিয়া আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত মঙলবাৰে আৰক্ষীয়ে আটক কৰিছে বাবুল আলীক ৷ মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰু সহকাৰী উপ পৰিদৰ্শক পবিত্ৰ কলিতাৰ সহযোগত মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ইমাম বাবুল আলীক ৷

ইতিমধ্যে বাবুল আলীৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত ৬৮/২০২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু R/W6 শিশু যৌন নিৰ্যাতন প্ৰতিৰোধক আইন (POCSO) ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

উল্লেখ্য যে, ধৃত বাবুল আলীয়ে নাবালিকা গৰাকীক টিউচন কৰাৰ চলেৰে প্ৰায়ে যৌন নিৰ্যাতন চলাই অহা বুলি সদৰী কৰে নাবালিকা গৰাকীৰ পিতৃয়ে ৷ আলীয়ে ভয়-ভাবুকি দি নাবালিকা গৰাকীক ধাৰাবাহিকভাৱে আতিশয্য চলাই অহাত নাবালিকাগৰাকী ক্ৰমাৎ অসুস্থ হৈ পৰে । পিছত নাবালিকা গৰাকীয়ে আলীৰ কু-কৰ্মৰ কথা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে অভিযুক্ত গৰাকীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক: পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ঢেকীয়াজুলিবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.