ETV Bharat / state

বাল্যবিবাহল কৰোৱাই জেললৈ গ’ল দেৱানী - লকডাউন

বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ দেৱানী ৷ এগৰাকী 16 বছৰীয়া কিশোৰীৰ বাল্য বিবাদ সম্পাদন কৰাত আগ-ভাগ লৈছিল আব্দুল মজিদ নামৰ দেৱানীজনে ।

child-marriage-in-assam
লকডাউনৰ সময়ত ৰাজ্যত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা
author img

By

Published : Oct 17, 2021, 8:07 PM IST

জনীয়া, 17 অক্টোবৰ : কলগাছিয়াত বাল্য বিবাহৰ গোচৰত এজন দেৱানীক গ্ৰেপ্তাৰ । কলগাছিয়াৰ লাচাংগা গাঁৱৰ স্বামী গৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল বাল্য বিবাহ হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক । ৫ মাহ পূৰ্বে চবুৰ উদ্দিনৰ ১৯ বছৰীয়া ল’ৰাৰ সৈতে বাল্য বিয়া হৈছিল কিশোৰী গৰাকীৰ । দেওবাৰে বাল্য বিবাহৰ লগত জড়িত থকাৰ অপৰাধত কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আব্দুল মজিদ নামৰ এগৰাকী দেৱানীক ।

লকডাউনৰ সময়ত ৰাজ্যত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা

উল্লেখযোগ্য যে, যোৱা ১৪ অক্টোবৰ তাৰিখে কলগাছিয়াৰ আৰক্ষী প্ৰশাসনৰ এটি দলে কলগাছিয়াৰ লাচাংগা গাঁৱত বাল্য বিবাহ হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক স্বামীগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও বাল্য বিবাহৰ লগত জড়িত থকা কাজী, দেৱানী আদি পলাতক হৈ আছিল । লাচাংগা গাঁৱৰ জনৈক আলীৰ নাবালিকা জীয়ৰী গৰাকীক প্ৰায় ৫ মাহ পূৰ্বে একে গাঁৱৰে চবুৰ উদ্দিনৰ ১৯ বছৰীয়া চুক্তি লগত চুক্তি মতে বাল্য বিবাহত আবদ্ধ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত চলিত মাহৰ ১৪ তাৰিখে নিশা কলগাছিয়া আৰক্ষী প্ৰশাসনে লাচাংগা গাঁৱৰ কিশোৰী গৰাকী আৰু ১৯ বছৰীয়া স্বামীক উদ্ধাৰ কৰি কলগাছিয়া থানালৈ লৈ আহে আৰু ৬৮১/২০২১ নম্বৰৰ এখন গোচৰ ৰুজু কৰি বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে ।

কিন্তু উক্ত বাল্য বিবাহৰ লগত জড়িত থকা আন কেইগৰাকী ব্যক্তি পলাতক হৈ আছিল । ইয়াৰে আব্দুল মজিদ নামৰ এগৰাকী দেৱানীক যোৱা নিশাত গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । উল্লেখযোগ্য যে, ক’ভিড সৃষ্ট লকডাউনৰ সময়ত ৰাজ্যজুৰি বৃদ্ধি পাইছে বাল্য বিবাহৰ সংখ্যা ৷ বিশেষকৈ হোজাই জিলাত এনে বিবাহৰ ঘটনা সঘনাই পোহৰলৈ আহিছে ৷ ফলত এতিয়া বিষয়টোকলৈ চিন্তিত হৈ পৰিছে সচেতন মহল ৷

লগতে পঢ়ক : আজি বিজেপিত যোগদান কৰিব পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.