জনীয়া,20 মেঃ কলগাছিয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ অধিনস্ত ২৮৩ নং অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৷ দীৰ্ধ দিন ধৰি খাদ্য সামগ্ৰী বিতৰণ নকৰাৰ গুৰুতৰ অভিয়োগ ৰাইজৰ ।
দেশত চলি থকা লক ডাউনৰ সময়ছোৱাত কলগাছিয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ অধিনস্ত ২৮৩ নং অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মী নাৰ্জমা খাতুনে শিশু খাদ্য সামগ্ৰী বিতৰণ নকৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ । তাৰোপৰি, কৰ্মী নাৰ্জমা খাতুনে নিজৰ সুবিধাৰ্থে ৰাইজক এন্ধাৰত ৰাখি নিজ ইচ্ছামতে কেন্দ্ৰটো বিগত তিনি বছৰ ধৰি ঘৰতে চলাই থকা দেখা গৈছে । বিগত ছয় মাহ ধৰি কেন্দ্ৰটোত বিতৰণ আৰু খাদ্য বন্ধ ৰাখিছে বুলি জানিব পৰা গৈছে অভিযোগ কৰিছে স্থানীয় ৰাইজে। আনহাতে কেন্দ্ৰটো স্থানান্তৰ কৰি নিয়াত বাৰিষাৰ সময়ত এক কিঃমিঃ ঘূৰি যাবলগীয়া হয় অভিভাৱক সকল । তাৰোপৰি অভিভাৱক সকলক কৰ্মীয়ে কুব্যৱহাৰ কৰাৰ লগতে কৰ্মীৰ স্বামীয়ে কাজিয়াত লিপ্ত হয় বুলি কৰ্মী নাৰ্জমা খাতুনে অকপটে স্বীকাৰো কৰে। কৰ্মী গৰাকীৰ দুৰ্নীতিৰ বিষয়ে বিভাগীয় কতৃপক্ষৰ ওচৰত ৰাইজে ইতিমধ্যে অভিযোগ দাখিলৰ পাছতো কোনো ব্যবস্থা গ্ৰহণ নকৰা বুলি সাংবাদিকৰ আগত আগত সদৰি কৰে ৰাইজে ৷ এই দুৰ্নীতিৰ লগত বিভাগীয় কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বঞ্চিত ৰাইজে । এই ক্ষেত্ৰত শিশু উন্নয়ন প্ৰকল্প বিষয়াই তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।