ETV Bharat / state

কৰ’ণাত আক্ৰান্ত বিধায়ক আশ্ৰাফুল হুছেইনক জিএমচিএইছলৈ প্ৰেৰণ

author img

By

Published : Jun 4, 2021, 10:50 PM IST

শুকুৰবাৰে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পাচতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰ’ণাত আক্ৰান্ত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনক ৷ বুধবাৰে কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শক্ৰমে বহৰিৰ নিজ বাসগৃহত আইচ’লেশ্বনত আছিল বিধায়কগৰাকী ৷

chenga-mla-ashraful-hussain-referred-to-gmch
বিধায়ক আশ্ৰাফুল হুছেইনক জিএমচিএইছলৈ প্ৰেৰণ

বৰপেটা,4 জুন : শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল (GMCH) লৈ প্ৰেৰণ কৰা হৈছে কৰ’ণাত আক্ৰান্ত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনক ৷ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পাচতেই পলম নকৰি জিএমচিএইছলৈ লৈ যোৱা হয় বিধায়কগৰাকীক ৷ উল্লেখ্য যে, বুধবাৰে বিধায়ক হুছেইনৰ দেহত ক’ভিডৰ অৱস্থিতি পোৱাৰ পাচত চিকিৎসকৰ পৰামৰ্শক্ৰমে বহৰিৰ নিজ বাসগৃহত আইচ’লেশ্বনত আছিল এআইইউডিএফৰ বিধায়কগৰাকী ৷

বিধায়কগৰাকীৰ সৈতে থকা দেহৰক্ষী, গাড়ীচালক আৰু তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ লগতে বিধায়কগৰাকীৰ পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলৰো ক’ভিড পৰীক্ষা কৰা হৈছে আৰু কোনো লোকৰ শৰীৰতে কৰ’ণাৰ অৱস্থিতি পোৱা নাই বুলি জানিব পৰা গৈছে ৷ সমষ্টিবাসী ৰাইজৰ লগতে সমৰ্থক আৰু শুভাকাংক্ষীসকলে আশু আৰোগ্য কামনা কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনৰ ৷

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালৰ বাবে বাস্তুশাস্ত্ৰ মতে সজোৱা হৈছে M-13

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.