ETV Bharat / state

চেঙাত কংগ্ৰেছ, এ আই ইউ ডি এফ এৰি অগপত যোগদান কৰ্মকৰ্তাৰ - বৰপেটাৰ চেঙা

বৰপেটাৰ চেঙাত কংগ্ৰেছ, এ আই ইউ ডি এফ ত্যাগ কৰি অসম গণ পৰিষদৰ সদস্যপদ গ্ৰহণ শতাধিক কৰ্মীৰ । সোমবাৰে চেঙাত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ দলীয় সভা । নিৰ্বাচনৰ পূৰ্বে দলটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহু নেতা-কৰ্মীয়ে যোগদান কৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সমষ্টিটোৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনে ।

চেঙাত কংগ্ৰেছ, এ আই ইউ ডি এফ এৰি অগপত যোগদান কৰ্মকৰ্তাৰ

author img

By

Published : Mar 16, 2021, 12:30 PM IST

বৰপেটা, ১৬ মাৰ্চ: নিৰ্বাচনৰ দিন আৰু প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতো ৰাজনৈতিক দলত অব্যাহত আছে দল বাগৰাৰ ৰাজনীতি । বৰপেটাৰ চেঙাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰিলে শতাধিক কৰ্মকৰ্তাই । চেঙাত অনুষ্ঠিত অসম গণ পৰিষদৰ দলীয় সভাত সোমবাৰে দলটোত আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শতাধিক কৰ্মীয়ে যোগদান কৰে ।

চেঙাত কংগ্ৰেছ, এ আই ইউ ডি এফ এৰি অগপত যোগদান কৰ্মকৰ্তাৰ

নিৰ্বাচনৰ পূৰ্বে চেঙাৰ বহু গাঁও পঞ্চায়তৰ সভাপতি, সদস্য, মণ্ডল সভাপতিকে ধৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদৰ সদস্যপদ গ্ৰহণ কৰিব বুলি দাবী কৰিছে দলটোৰ বৰপেটা জিলাৰ উপ সভাপতি তথা ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনে । নিৰ্বাচনৰ প্ৰাক ক্ষণত চেঙাৰ কেইবাটাও গাঁও পঞ্চায়ত কংগ্ৰেছ শূন্য হ'ব বুলিও তেওঁ দাবী কৰে ।

সোমবাৰে অসম গণ পৰিষদৰ সভাত উপস্থিত থাকি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ মন্তব্য কৰি কয় যে, তেওঁলোকে পৰিবৰ্তন আৰু উন্নয়ন বিচাৰে । চেঙা সমষ্টি দখল কৰি থকা শুকুৰ আলী আহমেদক এইবাৰ বিদায় দিয়াৰ উচিত সময় বুলি তেওঁ মন্তব্য কৰে । লগতে চেঙা সমষ্টিত এইবাৰ ৰবিউল হুছেইনৰ জয় নিশ্চিত বুলি দাবী কৰে উপাধ্যক্ষ জিতু তালুকদাৰে ।

লগতে পঢ়ক:তেজপুৰত মহাজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.